আজি প্ৰখ্যাত চেহনাই বাদক ওস্তাদ বিছমিল্লা খাঁৰ ওপজা দিন । ১৯২৪ চনৰ আজিৰ দিনটোতে ব্ৰিটিছৰ অধীনস্থ ভাৰতৰ উৰিষ্যা প্ৰদেশৰ (বৰ্তমান বিহাৰৰ) ছাহাবাদ জিলাৰ ডুমৰাওত তেওঁৰ জন্ম হৈছিল । চেহনাই আছিল প্ৰাচীন কালৰে পৰাই পৰম্পৰাগতভাৱে প্ৰচলিত এবিধ লোকবাদ্য । স্কুলীয়া দিনতে কোনো কোনো পৰম্পৰাগত উৎসৱ-পাৰ্বণত তেওঁ চেহনাই বজাইছিল যদিও পিছলৈ এই বাদ্যবিধক তেওঁ নিজৰ সাধনাৰ জৰিয়তে বিশেষ মৰ্যাদা প্ৰদান কৰিবলৈ সক্ষম হয় । ২০০১ বৰ্ষত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদান কৰা হয় । তদুপৰি তেওঁক সংগীত নাটক একাডেমী বঁটা আৰু পদ্মবিভূষণ সন্মানো প্ৰদান কৰা হয় । বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু বিশ্বভাৰতী বিশ্ববিদ্যালয়ে (শান্তিনিকেতন) তেওঁক সন্মানসূচক ডক্টৰেট প্ৰদান কৰে । এইগৰাকী মহান শিল্পীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট শিশু-সাহিত্যিক ডাঃ নগেন দত্তৰ ওপজা দিন । অসমীয়া শিশু-সাহিত্যৰ জগতখনলৈ তেওঁৰ অৱদান অনেক । তেওঁ ‘এণ্ডি খুৰা’ ছদ্মনামেৰে শিশু-সাহিত্য ৰচনা কৰিছিল । প্ৰকৃত নামটোতকৈ ছদ্মনামটোৰেহে তেওঁ অধিক খ্যাত । এইগৰাকী শিশু-সাহিত্যিকলৈ আমাৰ প্ৰণাম ।