গুৱাহাটী মহানগৰীৰ বশিষ্ঠৰ ইন্দিৰা নগৰত দেওবাৰে নিশা প্ৰায় ১০বজাত সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড ৷ জানিব পৰা মতে এটি মাটি চাকিৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু সমগ্ৰ অঞ্চলটোত বিয়পি পৰে ৷ এই অগ্নিকাণ্ডত ভস্মীভূত হয় প্ৰায় ২০টাকৈ কোঠা ৷
অগ্নি নিৰ্বাপক আৰু আপদকালীন সেৱাৰ তথ্য অনুসৰি ২০টা কোঠাৰ ৩টা ঘৰ এই অগ্নিকাণ্ডত ভস্মীভূত হয় ৷ অগ্নিকাণ্ডটোত প্ৰায় ২৫লাখ টকাৰ সা-সামগ্ৰী ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে ৷
প্ৰায় তিনিঘণ্টাজুৰি কৰা দীঘলীয়া চেষ্টাৰ অন্তত দিশপুৰ আৰু লখৰা অগ্নি নিৰ্বাপক বাহিনীয়ে এই জুই নুমুৱাবলৈ সক্ষম হয় ৷