কাশ্মিৰী পণ্ডিতসকলৰ ওপৰত ৯০ ৰ দশকত চলা নির্যাতনৰ ঘটনাক কেন্দ্ৰ কৰি নির্মাণ কৰা ‘দ্য কাশ্মীৰ ফাইলছ’ নামৰ ছবিখন নিউজিলেণ্ডত মুক্তি স্থগিত ৰখা হৈছে। দেশখনৰ চেঞ্চৰ বোৰ্ডে পূর্বে এই ছবিখন মুক্তিৰ বাবে অনুমতি প্ৰদান কৰিছিল ৷ কিন্তু কেইবাটাও সম্প্ৰদায়ৰ সংগঠনে বোর্ডক ছবিখনৰ মুক্তিক লৈ আপত্তি প্ৰদর্শন কৰাৰ পাছতে তেওঁলোকে এই বিষয়টো পুনৰীক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
নিউজিলেণ্ডৰ চেঞ্চৰ বোৰ্ডে পূর্বে ‘দ্য কাশ্মীৰ ফাইলছ’ক ১৬ বছৰ বা তাতকৈ অধিক বয়সৰ ব্যক্তিসকলকহে চাবলৈ অনুমতি প্ৰদান কৰি প্ৰমাণপত্ৰ প্ৰদান কৰিছিল ৷ মুছলমান সম্প্ৰদায়ৰ সংগঠনৰ সদস্যসকলে চলচ্চিত্ৰখনৰ বিষয়বস্তুক লৈ উদ্বেগ প্ৰকাশ কৰাৰ পিছত নিউজিলেণ্ডৰ মুখ্য চেঞ্চৰে চলচ্চিত্ৰখনৰ পুনৰীক্ষণ অব্যাহত ৰাখিছে ৷ অৱশ্যে নিউজিলেণ্ডৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী উইনষ্টন পিটাৰ্ছে ছবিখন চেঞ্চৰ কৰা কার্যক সমালোচনা কৰে ৷ বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত ‘দ্য কাশ্মীৰ ফাইলছ’ত অনুপম খেৰ, দৰ্শন কুমাৰ, মিথুন চক্ৰৱৰ্তী আৰু পল্লৱী যোশীৰ সৈতে অভিনয় কৰিছে।