ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই কৰি অহা আক্ৰমণ বন্ধ কৰিবলৈ সঘনাই দাবী উত্থাপন কৰি আহিছে আমেৰিকাই ৷ ইয়াৰ বিপৰীতে ৰাছিয়াই এই যুদ্ধত আন দেশক হস্তক্ষেপ নকৰিবলৈ আহ্বান জনাই আহিছে ৷ তাৰ মাজতে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ চুবুৰীয়া দেশ পোলেণ্ডলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন ৷ অহা শুকুৰবাৰে পোলেণ্ডলৈ আহিব বাইডেন ৷ এই কথা প্ৰকাশ কৰিছে হোৱাইট হাউছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি গৰাকীয়ে শুকুৰবাৰে পোলেণ্ডৰ ৰাষ্ট্ৰপতি আন্দ্ৰজেজ ডুডাৰ সৈতে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ সন্দৰ্ভত আলোচনাত মিলিত হ’ব ৷ হোৱাইট হাউচৰ প্ৰেছ সচিব জেন পাচাকীয়ে এক বিবৃতিত কয় যে বাইডেনৰ বেলজিয়াম ভ্ৰমণৰ পিছত নাটোৰ নেতাসকলৰ লগতে জি-৭ আৰু ইউৰোপীয় ইউনিয়নৰ প্ৰতিনিধিৰ সৈতেও বৈঠকত মিলিত হ’ব ৷ বিবৃতিত লগতে কয় -“ৰাষ্ট্ৰপতি গৰাকীয়ে আমাৰ মিত্ৰশক্তি আৰু অংশীদাৰসকলৰ সৈতে ৰাছিয়াৰ ইউক্ৰেইনৰ বিৰুদ্ধে অৰম্ভ কৰা যুদ্ধই সৃষ্টি কৰা মানৱীয় সংকটৰ প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰই কেনেদৰে সঁহাৰি জনাইছে সেই বিষয়ে আলোচনা কৰিব ৷ এই ভ্ৰমণত ইউক্ৰেইনৰ জনসাধাৰণক সমৰ্থন দিয়াৰ লগতে ৰাষ্ট্ৰপতি পুটিনৰ ইউক্ৰেইন আক্ৰমণৰ বিৰুদ্ধে বিশ্বক সমবেত কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব ৷” অৱশ্যে ইউক্ৰেইন ভ্ৰমণ কৰাৰ কোনো পৰিকল্পনা জ’ বাইডেনৰ নাই বুলি স্পষ্ট কৰি দিছে হোৱাইট হাউছে ৷ পোলেণ্ডৰ প্ৰধানমন্ত্ৰী মাটেউজ মোৰাউইকিয়ে চেক গণৰাজ্য আৰু স্লোভেনিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যোৱা সপ্তাহত কিয়েভ ভ্ৰমণ কৰিছিল।আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছেও এই মাহৰ আৰম্ভণিতে ৱাৰ্ছত ডুডাৰ সৈতে বৈঠকত মিলিত হৈছিল ৷