এক ঐতিহাসিক পদক্ষেপৰ অংশ হিচাপে অষ্ট্ৰেলিয়াই ২৯ টা পৌৰাণিক ভাস্কর্য ভাৰতক ওভতাই দিছে ৷ এই পৌৰাণিক ভাস্কর্যসমূহৰ ভিতৰত আছে ভগৱান শিৱ আৰু তেওঁৰ শিষ্যসকল, ভগৱান বিষ্ণু আৰু তেওঁৰ বিভিন্ন ৰূপ, জৈন সকলৰ ভগৱানৰ মূর্ত্তি ৷ এই ভাস্কর্যসমূহ নৱম-দশম শতিকাৰ বুলি জানিব পৰা গৈছে ৷ বিভিন্ন ধৰণৰ শিল, মাৰ্বল, ব্ৰঞ্জ, পিতল আৰু কাগজেৰে এই ভাস্কৰ্য আৰু চিত্ৰ শিল্প সমূহ প্ৰস্তুত কৰা হৈছে ৷
এই পৌৰাণিক ভাস্কর্যসমূহ ৰাজস্থান, গুজৰাট, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, তামিলনাডু, তেলেংগানা আৰু পশ্চিম বংগৰ।ভাৰতে বিগত সময়ছোৱাত আন দেশৰ পৰা কেইবাটাও পৌৰাণিক ভাস্কর্য ঘূৰাই আনিছে।
যোৱা ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ১৫৭ টা শিল্পকলা আৰু পৌৰাণিক ভাস্কর্য ঘূৰাই আনিছিল ৷ প্ৰধানমন্ত্ৰী মোদীয়ে ভার্চুৱেল মাধ্যমৰ জৰিয়তে অনুষ্ঠিত এক বৈঠকত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনক এই উদ্যোগ লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী মোদীয়ে কয়-“প্ৰাচীন ভাৰতীয় শিল্পকলাসমূহ ঘূৰাই দিবলৈ উদ্যোগ লোৱাৰ বাবে মই আপোনাক বিশেষভাৱে ধন্যবাদ জনাইছো। আন বহুতো ভাৰতীয় ৰাজ্যৰ লগতে ৰাজস্থান, পশ্চিমবংগ, গুজৰাট, হিমাচল প্ৰদেশৰ লগতে পৰা শ শ বছৰ পুৰণি মূৰ্তি আৰু প্ৰতিচ্ছবিসমূহ বিদেশলৈ অবৈধভাৱে সৰবৰাহ কৰা হৈছিল ৷ “ প্ৰধানমন্ত্ৰী মোদীয়ে এই ভাস্কর্যসমূহ আজি পৰিদর্শন কৰে ৷