আজি ‘ধ্বনি কবি’ বিনন্দ চন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস । সৰুৰে পৰাই তেওঁ সাহিত্য চৰ্চা কৰিছিল । হাতে লিখা আলোচনী ‘প্ৰভাত’ত প্ৰকাশ পাইছিল তেওঁৰ প্ৰথমটো কবিতা ‘অসম’ । তেঁৱেই সম্পাদনা কৰিছিল আলোচনীখন । ১৯২১ চনত তেওঁ ছাত্ৰ সভাৰ মুখপত্ৰ ‘জেউতি’ সম্পাদকৰ দায়িত্ব লয় । পিছলৈ তেওঁ ‘মিলন’ নামৰ আলোচনী এখনো সম্পাদনা কৰিছিল । শংখধ্বনি, প্ৰতিধ্বনি, শিশুধ্বনি, জয়ধ্বনি আদি তেওঁৰ কবিতা পুথি । তদুপৰি তেওঁ ৰাজস্থানৰ গল্প, অসম গৌৰৱ, ল’ৰাৰ বেজবৰুৱা আদি আন গ্ৰন্থও ৰচনা কৰিছিল । ১৯৬৬ চনত লক্ষীমপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ তেওঁ সভাপতি আছিল । ১৯২৪ চনত তেওঁ অসম ছাত্ৰ সন্মিলনৰো প্ৰধান সম্পাদক হৈছিল ।১৯৯৪ চনৰ আজিৰ দিনটোতে তেওঁ ইহ সংসাৰৰ পৰা বিদায় লৈছিল । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি মহাকবি গ্যাটেৰ স্মৃতি দিৱস । তেওঁৰ সম্পূৰ্ণ নামটো আছিল ইয়োহান ৱল্ফগাং ভন গ্যাটে । তেওঁ আছিল একাধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, দাৰ্শনিক, বিজ্ঞানী, চিত্ৰশিল্পী, কূটনীতিক তথা প্ৰশাসক । জৰ্জ ইলিয়টে তেওঁৰ বিষয়ে কৈছিল — ‘জাৰ্মানীৰ শ্ৰেষ্ঠতম গুণী ব্যক্তি তথা পৃথিৱীৰ সৰ্বশেষ সঁচা অৰ্থৰ বহুশাস্ত্ৰজ্ঞ । তেওঁৰ শ্ৰেষ্ঠ সাহিত্য কৃতি হৈছে দুটা খণ্ডত ৰচিত নাটক ফাউষ্ট । ১৮৩২ চনৰ আজিৰ দিনটোতে জাৰ্মানীত তেওঁৰ মৃত্যু হয় । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।