কৰ্কট ৰোগ হ’ল কোষৰ বেমাৰ। ইয়াৰ উৎপত্তি বিশেষকৈ কলাতন্ত্ৰত হয়। এই ৰোগৰ কাৰণ সঠিকভাৱে নিৰ্ণয় হোৱা নাই যদিও বহু কাৰণত এই ৰোগ হ’ব পাৰে। কৰ্কট ৰোগ কেৱল প্ৰতিৰোধেই নহয় আৰোগ্যও কৰিব পৰা যায় যদিহে ৰোগৰ আৰম্ভনিতে উপযুক্ত চিকিৎসা গ্ৰহণ কৰা হয়।
যিকোনো ৰোগ শৰীৰত হ’লে চিকিৎসা কৰিবই লাগিব কিন্তু ৰোগ নহ’বৰ কাৰণে কেনে ব্যৱস্থা ল’ব লাগে সেৱা আমি জনা দৰকাৰ।
আমি সহজতে পোৱা কিছুমান খাদ্য-দ্ৰব্যৰ সহযোগত ৰোগ প্ৰতিৰোধ কৰিব পাৰোঁ-
১) আমাৰ পাকঘৰতে পোৱা ঔষধি গুণ সম্পন্ন এবিধ মচলা হ’ল নহৰু। নহৰুৰ উৎকট গোন্ধ আছে যদিও নহৰু অমৃতৰ সমান। শৰীৰত কৰ্কট ৰোগ গঠন হ’লেও নহৰুত থকা এবিধ ৰাসায়নিক পদাৰ্থই সেইবিলাক বিভাজন হোৱাত বাধা দিয়ে আৰু অলাগতিয়াল কোষবোৰ ধ্বংস কৰি পেলায়। কৰ্কট ৰোগ হ’ব পৰা যিবিলাক মুল উৎস সেইবিলাক ধ্বংস কৰিব পৰা নহৰুৰ গুণ আছে। পাঁচ ফোটাকৈ কেঁচা নহৰু সদায় ভাতৰ লগত খালে কৰ্কট ৰোগ হ’ব নোৱাৰে।
২) আমাৰ পাকঘৰত থকা আন এবিধ উত্তম মচলা হ’ল- হালধি। হালধিত কাৰকামিন নামৰ এবিধ ৰাসায়নিক দ্ৰব্য থাকে। এই দ্ৰব্যবিধে ৰাসায়নিক বিক্ৰিয়াৰ জৰিয়তে কৰ্কট ৰোগৰ কোষবোৰক ধ্বংস কৰে। প্ৰতিদিনে ৰাতিপুৱা কেঁচা হালধিৰ ৰস দুচামুচকৈ খালে কৰ্কট ৰোগ হ’ব নোৱাৰে। কৰ্কট ৰোগ হ’লেও কেঁচা হালধিৰ ৰস খালে কৰ্কট ৰোগৰ কোষবোৰ ধ্বংস কৰি ৰোগীক আৰোগ্য পথলৈ আনে।
৩) কৰ্কট ৰোগৰ এবিধ উত্তম ফল হ’ল – আমলখি। ‘চি’ ভিটামানে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰেঁ।আমলখিত সকলোতকৈ বেছি ‘চি’ ভিটামিন থাকে। সদায় ২/৩ টাকৈ আমলখি খালে কৰ্কট ৰোগ প্ৰতিৰোধ হয়।
৪) ঘেঁহুৰ কুমলীয়া পাতৰ ৰসেও কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে। ৫ চামুচকৈ ঘেঁহুৰ কুমলীয়া পাতৰ ৰস , একে পৰিমাণৰ ক’লা তুলসীৰ পাত আৰু ঠাৰিৰ ৰস মিহলাই দুই চামুচ মৌ মিহলি কৰি সপ্তাহত তিনদিনকৈ খালে সকলো ধৰণৰ কৰ্কট ৰোগ প্ৰতিৰোধ হয়।
৫) নয়নতৰা পাতৰ ৰসেও যিকোনো টিউমাৰৰ কোষবিলাক ধ্বংস কৰিব পাৰে। নয়নতৰাৰ পাত আৰু শিপাই কৰ্কট ৰোগৰ কোষবিলাক বিভাজন হোৱাত বাধা দিয়ে।প্ৰতিদিনে এখনকৈ নয়নতৰাৰ পাত খাব লাগে।
৬) গাজৰৰ ৰসেও কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে।প্ৰতিদিনে ৫ চামুচকৈ গাজৰৰ ৰস খালে কৰ্কট ৰোগ প্ৰতিৰোধ হয়।
৭) বাঁহৰ গাজৰ পৰা প্ৰস্তুত কৰা খৰিচাত যথেষ্ট পৰিমাণে ‘চি’ ভিটামিন থাকে। খৰিচাই কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
৮) শিলিখা , নেমুটেঙা , বিলাহী , মহানিমৰ পাত তদুপৰি সেউজীয়া শাক-পাচলি , ফল-মূল আদি কৰ্কট ৰোগৰ বাবে উপকাৰী ।
গতিকে আমি পাকঘৰতে থকা মচলা বা সহজতে বাৰীতে বিচাৰি পোৱা ফল-মূল বা শাক -পাচলিৰে কৰ্কট ৰোগৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ।