পশ্চিমবংগত এজন পঞ্চায়ত নেতাক হত্যাক লৈ সংঘটিত হৈছে হিংসাত্মক ঘটনা ৷ নেতাজনক হত্যা কৰাৰ পাছতে বীৰভূম জিলাৰ ৰামপুৰহাটত কেইবাটাও ঘৰত দুবৃর্ত্তই অগ্নিসংযোগ কৰাৰ ফলত এতিয়ালৈ আঠজন লোকৰ মৃত্যু হৈছে ৷ আৰক্ষীয়ে সদৰী কৰিছে এই কথা ৷ ৰাজ্যখনৰ ডিজিপি মনোজ মালৱীয়াই প্ৰকাশ কৰা অনুসৰি এটা ভস্মীভুত বাসগৃহৰ পৰা সাতটা মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ আনহাতে এজন আহত লোকৰ চিকিৎসালয়ত মৃত্যু ঘটিছে ৷
তেওঁ কয়- “পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে আৰু যোৱা নিশাৰ পৰা গাওঁখনত এটা আৰক্ষীৰ দলে পহৰা দি আছে ৷ কিদৰে বাসগৃহসমূহত কেনেকৈ জুই লাগিছিল তাৰ তদন্ত অব্যাহত ৰখা হৈছে ৷ এই ঘটনাটোৰ বৰশাল গাঁৱৰ পঞ্চায়ত উপ-প্ৰধানৰ মৃত্যুৰ সৈতে কিবা সম্পর্ক আছে নেকি সেই সন্দর্ভতো তদন্ত কৰা হ’ব ৷” ইপিনে আন দুজন লোক এতিয়াও চিকিৎসাধীন হৈ আছে বুলি তেওঁ প্ৰকাশ কৰিছে ৷ সোমবাৰে অঞ্চলটোত বৰশাল গাঁৱৰ তৃণমুল কংগ্ৰেছৰ পঞ্চায়তৰ উপ-প্ৰধান ভাদু শ্বেখৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷ সোমবাৰে শ্বেখৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল ৷ এই ঘটনাৰ পাছতে বাসগৃহত দুর্বৃত্তই অগ্নিসংযোগ কৰাত লোককেইজন জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ঘটে ৷