আজি বিশিষ্টা গল্পকাৰ, ঔপন্যাসিক প্ৰবীণা শইকীয়াৰ স্মৃতি দিৱস । দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত ভুগি থকাৰ পিছত ১৯৯৯ চনৰ আজিৰ দিনটোতে তেওঁৰ মৃত্যু হৈছিল । বিশিষ্ট সাহিত্যিক, সাংবাদিক প্ৰয়াত চন্দ্ৰপ্ৰসাদ শইকীয়াৰ পত্নী প্ৰবীণা শইকীয়াৰ স্মৃতিত অসম লেখিকা সংস্থাই (বৰ্তমানৰ লেখিকা সংস্থা, অসম) মহিলা সাহিত্যিকসকলৰ বাবে এটা বঁটাও প্ৰৱৰ্তন কৰিছিল । তেওঁৰ এখন জনপ্ৰিয় গল্প সংকলন হ’ল চিত্ৰতুৰংগ । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি চিৰসেউজ অভিনেতা বিজয় শংকৰৰ স্মৃতি দিৱস । তেওঁ অকুদা বুলি অতি জনপ্ৰিয় । তেওঁ অভিনয় কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখন আছিল ডঃ ভূপেন হাজৰিকাৰ ‘এৰা বাটৰ সুৰ’ । তাৰ পিছত তেওঁ আমাৰ ঘৰ, লটিঘটি, চিকমিক বিজুলী, সন্তান, কাঁচঘৰ, বনহংস, সোণ মইনা, মন মন্দিৰ আদি চলচ্চিত্ৰত কৰা অভিনয় আজিও ৰসগ্ৰাহী দৰ্শকৰ মনত সজীৱ হৈ আছে । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।
আজি বিজ্ঞান কল্পকাহিনীৰ জনপ্ৰিয় স্ৰষ্টা জুল ভাৰ্ণৰ স্মৃতি দিৱস । ১৯০৫ চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ অমিয়েছত তেওঁৰ মৃত্যু হৈছিল । বিশ্বত আগাথা কৃস্তিৰ পিছতেই তেওঁৰ লেখাই আটাইতকৈ বেছি ভাষালৈ অনূদিত হৈছে । উৰাজাহাজ, ৰকেট অথবা ছাবমেৰিণৰ বাস্তৱিক তথা ব্যৱহাৰিক প্ৰয়োগৰ বহুদিনৰ পূৰ্বেই তেওঁ মহাকাশ ভ্ৰমণ তথা সাগৰৰ তলেদি ভ্ৰমণৰ বিষয়ে কল্পকাহিনী লিখিছিল । তেওঁৰ অনেক কাহিনীৰ ভিত্তিত ইতিমধ্যে কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰও নিৰ্মাণ হৈছে । টুৱেণ্টি থাউজেণ্ড লীগছ আণ্ডাৰ দ্য ছী, এ জাৰ্ণী টু দ্য চেণ্টাৰ অব দ্য আৰ্থ, এৰাউণ্ড দ্য ৱৰ্ল্ড ইন এইটটি ডেইজ, দ্য মিষ্টিৰিয়াছ আইলেণ্ড আদি তেওঁৰ উল্লেখযোগ্য ৰচনাৱলী । তেওঁৰ টাইগাৰ এণ্ড ট্ৰেটছ নামৰ উপন্যাসখনত ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ উপৰি অবিভক্ত ভাৰতৰ বিভিন্ন অঞ্চলৰ নিখুঁত বৰ্ণনা পোৱা যায় । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।