কেইবাখনো দেশৰ বহু গোপনীয় তথ্য ফাদিল কৰি বিশ্বজুৰি চর্চা লাভ কৰা উইকিলিকছৰ প্ৰতিষ্ঠাপক জুলিয়ান এচাঞ্জে বুধবাৰে কাৰাগাৰৰ ভিতৰতে বিবাহ পাশত আৱদ্ধ হয় ৷ মাত্ৰ চাৰিজন অতিথি, দুজন চৰকাৰী সাক্ষী আৰু দুজন সুৰক্ষা কর্মী উপস্থিত থকা এক সৰু অনুষ্ঠানত তেওঁৰ দীর্ঘদিনীয়া সঙ্গী ষ্টেলা মৰিছৰ সৈতে ব্ৰিটিছ কাৰাগাৰৰ ভিতৰত বিবাহপাশত আৱদ্ধ হয় ৷ বহু গোপনীয় তথ্য ফাদিল কৰা ৫০ বছৰীয়া অষ্ট্ৰেলিয়ান ব্যক্তিজনে ২০১৯ চনৰ পৰা দক্ষিণ-পূব লণ্ডনৰ কাৰাগাৰত বন্দী হৈ আছে ৷ তাৰ আগতে সাত বছৰ ধৰি ব্ৰিটিছ ৰাজধানীৰ ইকুৱেডৰিয়ান দূতাবাসত তেওঁ আৱদ্ধ হৈ আছিল।
ইপিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰ্তৃপক্ষই এক দশকতকৈও অধিক আগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গোপনীয় সামৰিক তথ্য আৰু কূটনৈতিক নথি ৰাজহুৱা কৰাৰ ১৮ টা গোচৰত প্ৰত্যর্পণ কৰিবলৈ বিচাৰিছে এচাঞ্জক ৷ বিবাহ অনুষ্ঠানৰ পিছত মৰিছে কাৰাগাৰৰ বাহিৰত কয়-“মই বহুত সুখী আৰু অতি দুখী। মই জুলিয়ানক মোৰ হৃদয়েৰে ভাল পাওঁ, আৰু তেওঁ মোৰ লগত থকাটো বিচাৰো ৷ “ দূতাবাসত বাস কৰাৰ সময়ত তেওঁ মৰিছৰ সৈতে চিনাকি হৈছিল আৰু দুটা সন্তানৰ জন্ম দিছিল ৷ তেওঁৰ কনিষ্ঠ অধিবক্তা হিচাপে কাম কৰা মৰিছক ২০১১ চনত লগ পাইছিল ৷ তেওঁলোকৰ সম্পৰ্ক ২০১৫ চনত আৰম্ভ হৈছিল।