কর্ণাটকৰ শিক্ষানুষ্ঠানসমূহত হিজাব পৰিধানত নিষেধাজ্ঞা আৰোপ কৰি ৰাজ্য চৰকাৰে জাৰি কৰা জাননী বাহাল ৰাখি উচ্চ ন্যায়ালয়ে দিয়া নির্দেশনাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰুজু হৈছে গোচৰ ৷ কেইবাজনো শিক্ষার্থীয়ে কর্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে আবেদন ৷ অৱশ্যে এই গোচৰটো জৰুৰীকালীন ভাৱে শুনানি ল’বলৈ অমান্তি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে ৷ ইয়াৰ পৰিৱর্তে হিজাব বিতর্কৰ বিষয়টোক চাঞ্চল্যৰ সৃষ্টি নকৰিবলৈ অবেদনককাৰীসকলক নির্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে ৷
আবেদনকাৰীসকলে আগন্তুক পৰীক্ষাৰ দোহাই দি বিষয়টো জৰুৰীকালীন ভাৱে শুনানি গ্ৰহণ কৰিবলৈ আবেদন জনাইছিল ৷ আবেদনকাৰীৰ অধিবক্তা দেৱদত্ত কামাতে বিষয়টো উত্থাপন কৰাৰ পাছতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে এই বিষয়টোক লৈ চাঞ্চল্যৰ সৃষ্টি নকৰিবলৈ কয় ৷ কামাতে বিষয়টোৰ জৰুৰী শুনানি বিচাৰি কৈছিল যে শিক্ষাৰ্থীসকলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়ত হিজাব পিন্ধিবলৈ অনুমতি প্ৰদানত অস্বীকাৰ কৰা হৈছে। পৰীক্ষা অহা ২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব ৷ কৰ্তৃপক্ষই হিজাব পৰিধান কৰি প্ৰৱেশৰ অনুমতি নিদিয়াৰ বাবে শিক্ষার্থীসকলে এটা শৈক্ষিক বর্ষ হেৰুৱাব ৷ অধিবক্তাগৰাকীৰ যুক্তিৰ পাছতে মুখ্য ন্যায়াধীশে কয়-“পৰীক্ষাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। বিষয়টো চাঞ্চল্যকৰ নকৰিব ৷”
১৫ মাৰ্চত কৰ্ণাটক উচ্চ ন্যায়ালয়ে শ্ৰেণীকোঠাত হিজাব পৰিধানত ৰাজ্য চৰকাৰে প্ৰদান কৰা নিষেধাজ্ঞা বাহাল ৰাখিছিল ৷