লক্ষীমপুৰত আশা কৰ্মী সকলৰ প্ৰতিবাদ সাব্যস্ত বিত্ত মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে। সদনত মিছা মাতিল বিত্ত বিভাগৰ এই মন্ত্ৰী গৰাকীয়ে। মন্ত্ৰী গৰাকীয়ে বিধান সভাত উত্তৰ লক্ষীমপুৰত শিশু মাতৃৰ মৃত্যু ৰ হাৰ কম আৰু ইয়াৰ বাবে আশা কৰ্মী সকল জড়িত থকাৰ কথা ব্যক্ত কৰিলে। উত্তৰ লক্ষীমপুৰত আজি আশা কৰ্মী সকলে মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে গুৰুতৰ প্ৰতিবাদ সাব্যস্ত কৰে। অজন্তা নেওগ মিছলীয়া ,অজন্তা নেওগে ক্ষমা খোজক ইত্যাদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। উত্তৰ লক্ষীমপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয়। আশা কৰ্মী সকলে তেওঁলোকৰ চাকৰি নিয়মীয়া কৰণ কৰিবলৈ চৰকাৰ তথা মুখ্য মন্ত্ৰী গৰাকীক দাবী জনায়।