গুৱাহাটী মহানগৰীৰ দিছপুৰত অৱস্থিত ‘নিলয়’ নামৰ এটি সামাজিক সংস্থাৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সহযোগত আজি বিয়লি ৩বজাৰ পৰা ৬বজালৈ অনলাইন মাধ্যম যোগে ‘Acid attack: A new face of Gender based Violence ’ শীৰ্ষক এখন ৱেবিনাৰ অনুষ্ঠিত হ’ব ৷
ৱেবিনাৰ খনৰ উদ্বোধন কৰিব অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ,আই পি এছ মুকেশ চাহাই ৷ সমন্বয়ক ডঃ ৰ’জি পটংগীয়াৰ লগতে গুগল মিট যোগে অনুষ্ঠিত হ’বলগীয়া ৱেবিনাৰ খনত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু কুমাৰ চৰকাৰ ,নেমকেয়াৰ হাস্পতালৰ জুয়ে পোৰা বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা ,বচপন বচাও আন্দোলনৰ ৰাজ্যিক সমন্বয়ক ববিতা শইকীয়া আৰু গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউতৰ মনোৰোগ বিশেষজ্ঞ ডঃ চন্দমিতা বৰুৱা
উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে অনলাইন যোগে https://forms.gle/j2z6Mzyu9SM26Gz99 লিংকত গৈ নিজৰ নাম ভৰ্তি কৰি গুগল মিটৰ ‘Link:http://meet.google.com/nuj-hyae-nwu’ লিংক যোগে ইচ্ছুক সকলে ৱেবিনাৰ খনত অংশ গ্ৰহণ কৰিব পাৰিব ৷
নিশ্চয়কৈ ৱেবিনাৰ খনে বৰ্তমান সময়ত সমাজত ভয়াবহ ভাৱে বৃদ্ধি পাবলৈ ধৰা ‘এচিড আক্ৰমণ’ৰ দৰে অপৰাধ প্ৰৱণতাক ৰোধ কৰাৰ ক্ষেত্ৰত সমাজক সচেতন কৰাৰ লগতে কঢ়িয়াই আনিব কিছু আশাৰ বতৰা ৷