আজিৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ ৷ ১১বছৰৰ পাছত পঞ্চদশ সংস্কৰণৰ আই পি এলত এইবাৰ ১০টা দলে অংশগ্ৰহণ কৰিব ৷ আজি উদ্বোধনী মেচ খনত প্ৰতিদ্বন্দিতা কৰিব যোৱাবাৰৰ বিজয়ী চেন্নাই ছুপাৰ কিংছ (চি এছ কে) আৰু ৰাণাৰ্ছ আপ কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)এ ৷
২০১১চনৰ পিছত এইবাৰ পুনৰ ১০টা দলে বিশ্ব ক্ৰিকেটৰ আটাইতকৈ আকাংক্ষিত ‘টী-২০’ট্ৰফীৰ বাবে যুঁজ দিব ৷ এইবাৰ প্ৰীমিয়াৰ লিগত নতুনকৈ যোগদান কৰিছে দুটা নতুন দলে ৷ দল দুটা হ’ল ‘লক্ষ্ণৌ চুপাৰজায়াণ্টছ’ আৰু ‘গুজৰাট টাইটানছ’ ৷স্বস্তিৰ নিশ্বাস পেলাই বি চি চি আইয়ে দুবছৰৰ ব্যৱধানৰ অন্তত ষ্টেডিয়ামৰ ক্ষমতাৰ কমেও ২৫শতাংশ ভিৰৰ অনুমতিৰে দেশৰ মাটিত আই পি এল অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ৷ সকলো দলেই এইবাৰো পূৰ্বৰ দৰে ১৪খনকৈ মেচ খেলিব কিন্তু নতুন দলৰ যোগদানৰ বাবে এইবাৰ খেলৰ সংখ্যা হ’ব ৬০খনৰ ঠাইত ৭৪খন ৷ সেয়েহে দুমাহতকৈও দীঘলীয়া হ’ব আই পি এলৰ সময়সূচী ৷