উত্তৰ লক্ষীমপুৰ জিলাৰ এজন সুদক্ষ চিত্ৰ শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ কৰে অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে। চিত্ৰ শিল্পী গৰাকীয়ে অৰুণাচল প্ৰদেশৰ সচিবালয়ৰ দেৱালত ‘No More Dam’ বুলি লিখি চিত্ৰ অংকন কৰাৰ অভিযোগত অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নীলিম মহন্তক।
অৰুণাচল প্ৰদেশ আৰক্ষীৰ এনে আচৰণক গৰিহণা দিয়ে উত্তৰ লক্ষীমপুৰ জিলাৰ আঞ্চলিক ছাত্ৰ সন্থাই আৰু অতি সোনকালে বিনাচৰ্তে নীলিম মহন্তক মুকলি কৰাৰ বাবেও অৰুণাচল প্ৰদেশ আৰক্ষীক দাবী জনায় ।