অসমৰ ক্ৰীড়া জগতলৈ এক সুখবৰ ৷ কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতবৰ্ষৰে এজন অভিজ্ঞ আৰ্চাৰ তথা এছিয়ান গেমছৰ পদক বিজয়ী ক্ৰীড়াবিদ জয়ন্ত তালুকদাৰে এইবাৰ চতুৰ্থবাৰৰ বাবে এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব ৷
চীনত হ’বলগীয়া এই প্ৰতিযোগিতাত অসম সন্তান জয়ন্ত তালুকদাৰে ৰিকাৰ্ভ দলৰ হৈ প্ৰতিদ্বন্দিতা কৰিব ৷ দলটোত জয়ন্তৰ উপৰিও আছে আন কেইবাজনো আগশাৰীৰ খেলুৱৈ তৰুণদ্বীপ ৰায় ,শচীন গুপ্তা আৰু নীৰজ চৌহান আদি ৷