কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতি প্ৰত্যাহাৰৰ দাবীৰে কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহে সোমবাৰৰ পৰা আহ্বান জনোৱা দুদিনীয়া দেশজোৰা ধৰ্মঘটৰ আজি দ্বিতীয় দিনাও ব্যাপক প্ৰভাৱ পৰিলক্ষিত হয় ৷ দেশৰ ভিন্ন প্ৰান্তত এই ধর্মঘটৰ ফলত বেংকসেৱা, পৰিবহন সেৱা, ডাকসেৱা, বীমাসেৱা আদি ক্ষেত্ৰসমুহত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ মটৰ পৰিবহণ সন্থাসমুহে দেশজোৰা ধর্মঘটলৈ আগবঢ়োৱা সমর্থনৰ বাবে ৰাজহুৱা পৰিবহণ ব্যৱস্থাত স্থবিৰ হৈ পৰে ৷ আনহাতে দেশৰ ভিন্ন প্ৰান্তত দাবী পুৰণৰ আহ্বানেৰে শ্ৰমিক সংগঠনসমূহে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷বহুসংখ্যক ৰাজ্যত দ্বিতীয় দিনৰ বাবে ৰাজহুৱা পৰিবহন আৰু বেঙ্কিং সেৱা আংশিকভাৱে ব্যাহত হৈছে ৷ উল্লেখ্য যে কালি পুৱাৰ পৰা শ্ৰমিক সংগঠনসমুহে দেশজোৰা ধর্মঘটৰ আহ্বান জনাইছিল ৷ কালিও এই ধর্মঘটৰ ব্যাপক প্ৰভাৱ দেখা গৈছিল ৷