টকিঅ‘ অলিম্পিকত মহিলাৰ বেডমিন্টন ছিনগলছত ব্ৰঞ্জৰ পদক জয় কৰি এক ইতিহাসৰ সৃষ্টি কৰে ভাৰতৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুয়ে । অলিম্পিকত দুবাৰকৈ পদক জয়কৰা তেঁও হ’ল প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ। ইয়াৰ আগতে ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত সিন্ধুয়ে ৰূপৰ পদক জয় কৰিছিল ।
উল্লেখযোগ্য যে এই মহিলা খেলুৱৈ গৰাকীতকৈ আগতে ভাৰতৰ সুশীল কুমাৰে ২০০৮ চনৰ বেইজিং অলিম্পিকত ব্ৰঞ্জৰ আৰু ২০১২ চনৰ লণ্ডন অলিম্পিকত ৰূপৰ পদক জয় কৰিছিল । সেই হিচাপে পি ভি সিন্ধু সুশীৰ কুমাৰৰ পিছতে দ্বিতীয় গৰাকী ভাৰতীয় ।
পি ভি সিন্ধুয়ে ব্ৰঞ্জৰ পদকৰ বাবে চীনৰ বিং জিয়াওৰ বিৰুদ্ধে যুঁজ দিছিল । ৫২ মিনিটৰ এই খেলখনত সিন্ধুয়ে চীনৰ প্ৰতিদ্বন্দী গৰাকীক ২১-১৩ ,২১-১৫ ব্যৱধানত পৰাজিত কৰে । আনহাতে ছেমি ফাইনেলত সিন্ধুয়ে চাইনীজ টাইপেৰ টাই জুয়ঙৰ হাতত পৰাজিত হৈছিল ।
ভাৰতে মহিলাৰ বেডমিন্টনৰ শাখাত এতিয়ালৈকে মুঠ তিনিটা পদক জয় কৰিছে । উল্লেখ্য যে ২০১২ চনৰ লণ্ডন অলিম্পিকত ছাইনা নেহৱালে ব্ৰঞ্জৰ পদক জয় কৰিছিল । ইয়াৰ পাচতে সিন্ধুৱে ৰিঅ’ অলিম্পিকত ৰূপৰ আৰু এইবাৰ ব্ৰঞ্জৰ পদক জয় কৰে ।
চলিত বৰ্ষৰ এই টকিঅ’ অলিম্পিকত বিভিন্ন শাখাত ভাৰতে ইতিমধ্যে তিনিটা পদক জয় কৰাতো নিশ্চিত কৰিছে । ভাৰোত্তোলনত মীৰাবাঈ চানুয়ে ৰূপৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে বক্সিঙত লাভলীনা বৰগোঁহাইয়ে ছেমি ফাইনেলত উপনীত হৈ ইতিমধ্যে পদক নিশ্চিত কৰিছে ।
উল্লেখ্য যে পি ভি সিন্ধুৰ এই সফলতাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ,ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দ আৰু উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুয়ে অভিনন্দন জনাই উৎসাহ প্ৰদান কৰে ।