পুত্ৰ অভিষেক বচ্চনৰ ছবি ‘দচৱী’ৰ প্ৰচাৰৰ বাবে তেওঁৰ আগ্ৰহৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা সকলোকে সামাজিক মাধ্যম যোগে শেহতীয়াকৈ সঁহাৰি দিছে বলিউডৰ বিগ বি অমিতাভ বচ্চনে ।
অভিষেক বচ্চনে তেওঁৰ শেহতীয়াকৈ মুক্তিপোৱা ‘দচৱী’ৰ যোগেদি পুনৰ চলচিত্ৰ জগতলৈ উভতি অহাৰ বাবে অমিতাভ বচ্চন গৌৰৱান্বিত । তেওঁ সম্পূৰ্ণ উৎসাহেৰে ছচিয়েল মিডিয়াত ছবিখনৰ সক্ৰিয় প্ৰচাৰ কৰি আহিছে আৰু তেওঁৰ ভংগীমাৰ বাবে কোনো কোনোৱে প্ৰশ্ন কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেতা গৰাকীয়ে। দিল্লীত কামত ব্যস্ত হৈ অমিতাভে বুধবাৰে নিশা টুইটাৰযোগে নিশ্চিত কৰে যে তেওঁ এইটো অব্যাহত ৰাখিব। বিশেষকৈ কাকো উত্তৰ নিদিয়াকৈ অমিতাভে বুধবাৰে টুইটাৰত লিখিছিল, “জী হাঁ হুজুৰ মেই কৰতা হুঃ বধাই, প্ৰচাৰ, মঙ্গলাচাৰ। ক্যা কৰ ল’গে?
T 4243 – जी हाँ हुज़ूर, मैं करता हूँ : बधाई, प्रचार, मंगलाचार !!!
क्या कर लोगे ~ ??— Amitabh Bachchan (@SrBachchan) April 6, 2022
অভিষেকৰ ‘দচৱী’য়ে বৃহস্পতিবাৰে নেটফ্লিক্স ইণ্ডিয়া আৰু জিঅ’ চিনেমাত মুক্তি লাভ কৰে। ইয়াত তেওঁক গংগা ৰাম চৌধুৰীৰ চৰিত্ৰত অভিনয় কৰা দেখা পোৱা গৈছে ৷ এজন “অশিক্ষিত আৰু দুৰ্নীতিগ্ৰস্ত” ৰাজনীতিবিদ যি কাৰাগাৰত নতুন প্ৰত্যাহ্বানৰ সন্মূখীন হয় ৷
যোৱা মাহত, অমিতাভে অভিষেকৰ বাবে এক প্ৰশংসাসূচক টুইট কৰিছিল য’ত তেওঁ প্ৰকাশ কৰিছিল যে তেওঁৰ পুত্ৰ এজন উপযুক্ত ‘উত্তৰাধিকাৰী’ হিচাপে প্ৰমাণিত হৈছে।‘দচৱী’ৰ ট্ৰেইলাৰৰ লিংকটো শ্বেয়াৰ কৰি অমিতাভে তেওঁৰ দেউতাক, লেখক-কবি হৰিবংশ ৰায় বচ্চনৰ উদ্ধৃতি দি লিখিছিল, “মেৰে বেটে হোনে চে তুম মেৰে উত্তৰাধিকাৰী নহী হোগে। যো মেৰে উত্তৰাধিকাৰী হংগে, ৱো মেৰে বেটে হোংগে – হৰিবংশ ৰায় বচ্চন। অভিষেক, তুম মেৰে উত্তৰাধিকাৰী হোগে, বাছ কেহ দিয়া টু কেহ দিয়া’ অৰ্থাৎ মোৰ পুত্ৰ, কেৱল মোৰ পুত্ৰ হোৱাৰ বাবেই মোৰ উত্তৰাধিকাৰী নহ’ব। যি মোৰ প্ৰকৃত উত্তৰাধিকাৰী হ’ব তেওঁহে মোৰ পুত্ৰ – হৰিবংশ ৰায় বচ্চন। অভিষেক, তুমি মোৰ উত্তৰাধিকাৰী হ’বা, মই ক’লো যেতিয়া ক’লো।”
টুইটাৰত দেউতাকৰ প্ৰশংসাৰ সঁহাৰি দি অভিষেকে লিখিছিল, “লাভ ইউ পা, সদায় আৰু চিৰকাল।”
তুষাৰ জালোটাৰ দ্বাৰা পৰিচালিত, ‘দচৱী’ত নিম্ৰত কৌৰে বিমলা দেৱীৰ চৰিত্ৰত অভিনয় কৰিছে, যি কাৰাগাৰত থাকোতে মুখ্যমন্ত্ৰীৰ আসন গ্ৰহণ কৰে। য়ামী গৌতমক এজন কঠোৰ জেইলাৰ আৰু আইপিএছ বিষয়া জ্যোতি দেশৱাল হিচাপে দেখা গৈছে। বেনাৰ মেডক ফিল্মছ, জিঅ’ ষ্টুডিঅ’ আৰু বেক মাই কেক ফিল্মছৰ অধীনত ছবিখন প্ৰযোজনা কৰিছে দিনেশ বিজনে ।