প্ৰায় দুটা বছৰৰ অন্তত দেওবাৰে বাবা ছিদ্দিকে আয়োজন কৰে এক বিশাল ইফতাৰ পাৰ্টিৰ ৷ প্ৰাক্তন ৰাজনীতিবিদ বাবা ছিদ্দিকে মুম্বাইৰ তাজ লেণ্ডছ এণ্ড হোটেলত আয়োজন কৰা এই ইফতাৰ পাৰ্টিত শ্বাহৰুখ খান আৰু চলমান খানকে ধৰি চলমানৰ ভগ্নী অৰ্পিতা খান আৰু ভনী জোঁৱাই আয়ুষ শৰ্মা, অভিনেত্ৰী শিল্পা চেট্টী, ৰাজ কুন্দ্ৰা, সঞ্জয় দত্ত, ৰশ্মী দেশাই, কৰণ কুন্দ্ৰা আৰু অন্যান্য বহু জনপ্ৰিয় তাৰকাই অংশগ্ৰহণ কৰে।
উক্ত অনুষ্ঠানত বাবা ছিদ্দিকৰ সৈতে ফটোৰ প’জ দিয়াৰ সময়ত জনপ্ৰিয় বলিউড তাৰকা শ্বাহৰুখ খানক দেখা গ’ল ক’লা পাঠানী চুটত ।তাৰকা চলমান খানে বাবা ছিদ্দিকৰ সৈতে প’জ দিওঁতে তেওঁৰ মিলিয়ন ডলাৰৰ হাঁহিটোৱে অধিক উজ্বলাই তুলিছিল তাৰকা গৰাকীক । অৱশ্যে অভিনেতাজনক সাধাৰণভাৱে পোছাক পিন্ধা দেখা গৈছিল।
কেইবছৰমান আগতে ২০১৩ চনত বাবা ছিদ্দিকৰ দ্বাৰা আয়োজিত এনে ইফতাৰ পাৰ্টিৰ সময়ত চলমান খান আৰু শ্বাহৰুখ খানে ইজনে সিজনক সাৱটি ধৰিছিল আৰু তেওঁলোকৰ ৫ বছৰীয়া যুঁজৰ সামৰণি মাৰিছিল।
পাৰ্টিত সৰিয়হৰ ৰঙৰ অনাৰকলি পৰিধান কৰা মিছ ইউনিভাৰ্ছ হৰনাজ কৌৰ সান্ধুৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷
জাকজমকতাপূৰ্ণ ইফতাৰ পাৰ্টিত বাবা ছিদ্দিকে তেওঁৰ পৰিয়ালৰ সৈতে ফট’ৰ প’জ দিয়া দেখা পোৱা গৈছিল ৷ আনহাতে মোহময়ী তথা জনপ্ৰিয় অভিনেত্ৰী শিল্পা চেট্টীক এক সুসজ্জিত উজ্জ্বল গুলপীয়া চৰাৰা সাজত ধুনীয়া লাগিছিল। ক’লা আৰু বগা স্কার্ফেৰে ক’লা পোছাক পৰিধান কৰা ৰাজ কুন্দ্ৰাকো দেখা গৈছিল পাৰ্টিত ৷
ইফালে ৰকুল প্ৰীত সিং আৰু জেকি ভাগনানীয়ে পৰম্পৰাগত পোছাক পৰিধান কৰি পাৰ্টিটোক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল। অল-ব্লেক পাথানি চুটত দেখা পোৱা গ’ল জেকিক, আনহাতে হালধীয়া ৰঙৰ অনাৰকলি পৰিহিত ৰকুলেও দৃষ্টি আকৰ্ষণ কৰিলে সকলোৰে ।