জম্মু-কাশ্মীৰৰ বিশেষ ক্ষমতা প্ৰদান কৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰি প্ৰণয়ন কৰা আইনক প্ৰত্যাহ্বান জনাই তৰা কেইবাটাও গোচৰৰ শুনানি গ্ৰহন কৰিব উচ্চতম ন্যায়ালয়ে ৷ গ্ৰীষ্ম বন্ধৰ পাছতে এই আৱেদনসমূহৰ শুনানি ল’ব সর্বোচ্চ ন্যায়ালয়ে ৷
জম্মু আৰু কাশ্মীৰক বিশেষ ক্ষমতা প্ৰদান কৰা অনুচ্ছেদ ৩৭০চৰকাৰে ২০১৯ চনত বাতিল কৰাৰ লগতে জম্মু-কাশ্মীৰক দুটা ভাগত বিভক্ত কৰে ৷ ৰাজ্যখনক দুটা কেন্দ্ৰীয় শাসিত অঞ্চল – জম্মু-কাশ্মীৰ আৰু লাডাখত বিভক্ত কৰা আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯ ৰ ধাৰা বাতিল কৰাৰ কেন্দ্ৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই কেইবাখনো আৱেদন তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ন্যায়াধীশ এন ভি ৰমনৰ নেতৃত্বত এখন সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল ৷ সোমবাৰে এজন আবেদনকাৰীৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা শেখৰ নাফদে মুখ্য ন্যায়াধীশ এন ভি ৰমনৰ নেতৃত্বত গঠিত বিচাৰপীঠক “ৰাজ্যখনত চলি থকা সীমা নিৰ্ধাৰণ অনুশীলনৰ প্ৰতি লক্ষ্য ৰাখি” বিষয়টোৰ জৰুৰী শুনানিৰ আহ্বান জনায় ৷ ইয়াৰ পাছতে ভাৰতৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে কয়, “এয়া পাঁচ জনীয়া বিচাৰপীঠৰ বিষয়। মই আন বিচাৰকসকলক সুধিব লাগিব কিয়নো কেইবাগৰাকীও ন্যায়াধীশ অৱসৰ লোৱাৰ সময় হৈছে ৷ আমি বন্ধৰ পিছত এই বিষয়টো চাম ৷”