আজি বিশিষ্ট ভাৰতীয় গণিতজ্ঞ শ্ৰীনিৱাস ৰামানুজনৰ স্মৃতি দিৱস । তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত গণিতৰ গৱেষণা কৰিছিল । সৰুৰে পৰা এগৰাকী মেধাৱী ছাত্ৰ আছিল তেওঁ । সৰুতে গণিত আৰু সংস্কৃত বিষয়ত তেওঁৰ অধিক ধাউতি আছিল যদিও পিছলৈ গণিত বিষয়তে মনোনিৱেশ কৰে । এইগৰাকী গণিতজ্ঞই গণিতৰ কেইবাটাও সিদ্ধান্ত প্ৰদান কৰি বিশেষ খ্যাতি অৰ্জন কৰিছিল । মাথোঁ ৩১ বছৰ বয়সতে (১৯১৮)তেওঁ ৰয়েল ছচাইটীৰ ফেল’শ্বিপ লাভ কৰে । এই সন্মাপ্ৰাপক ৰামানুজনেই আছিল প্ৰথমগৰাকী ভাৰতীয় । একেটা বৰ্ষতে তেওঁ কেম্ব্ৰিজৰ ত্ৰিনিটি কলেজৰ ফেলো হিচাপেও সন্মানিত হয় । ১৯২০ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী বিশিষ্ট গণিতজ্ঞলৈ আমাৰ প্ৰণাম ।