শৰীৰৰ এক নীৰৱ ঘাটক হৈছে উচ্চ ৰক্তচাপ। কেৱল বয়সস্থ লোকৰেই নহয় যিকোনো বয়সৰ লোকৰ ক্ষেত্ৰত দেখা দিব পাৰে এই ৰোগে। অত্যাধিক ওজন , অনিয়ন্ত্ৰিত জীৱন-যাপন, অস্বাস্থ্যকৰ খাদ্যৰ বাবেই দেখা দিব পাৰে এই ধৰণৰ সমস্যাই। উচ্চ ৰক্তচাপত ঔষধ খোৱাৰ উপৰিও দৈনন্দিন খাদ্যৰ ওপৰতো গুৰুত্ব দিয়া উচিত। জানো আহকচোন এই খাদ্য সমূহৰ বিষয়ে-
১) প্ৰতিদিনে সতেজ ফল নেমু , আমলখী , আপেল , কমলা , কল , নাচপতি আদি খোৱাৰ অভ্যাস কৰিব লাগে।
২) প্ৰচুৰ পৰিমাণে শাক-পাচলি – পালেং শাক , কলমৌ শাক , বন্ধাকবি , ফুলকবি , বিলাহী , লাও , কোমোৰা , তিঁয়হ আদি খাব লাগে।
৩) ডাব নাৰিকলৰ পানী , কল , বিলাহী আদিত পটাচিয়াম প্ৰচুৰ পৰিমাণে থাকে। পটাচিয়াম থকা খাদ্যৰ পৰিমাণ খাদ্য তালিকাত বঢ়াব লাগে।
৪) পানীত তিয়াই থোৱা বাদাম যেনে – আলমনড , আখৰুট , কাজু আদি ৰাতিপুৱা খালি পেটত খালেও যথেষ্ট আৰাম পোৱা যায়।
৫) উচ্চ ৰক্তচাপ হ’লে প্ৰচুৰ পৰিমাণে মাছ খোৱা উচিত। কিন্তু তেলযুক্ত মাছ পৰিহাৰ কৰিব লাগে।