প্ৰচণ্ড গৰমে দহিব দেশ ৷ গ্ৰীষ্মপ্ৰৱাহত ব্যাহত হ’ব জনজীৱন ৷ দেশৰ ভিন্ন প্ৰান্তত পাৰাস্তম্ভই অতিক্ৰম কৰিব কৰিব ৪৫ ডিগ্ৰী চেলচিয়াছৰ ঘৰ ৷ এই সতর্কবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷ বিশেষকৈ পাঁচখন ৰাজ্যত গ্ৰীষ্ম প্ৰবাহৰ সতৰ্কবাণী জাৰি কৰিছে বিভাগটোৱে ৷ গ্ৰীষ্ম প্ৰৱাহৰ সতর্কবাণী জাৰি কৰা ৰাজ্যকেইখন হৈছে ৰাজস্থান, দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু উৰিষ্যা ৷ এই ৰাজ্যসমূহৰ কিছু অংশত তাপমাত্ৰা ৪৫ ডিগ্ৰী চেলচিয়াছৰ ঘৰ ইতিমধ্যে অতিক্ৰম কৰিছে ৷ অহা মে’ মাহৰ প্ৰথম সপ্তাহলৈকে গ্ৰীষ্ম প্ৰবাহৰ অব্যাহত থকাৰ সম্ভাৱনা আছে ৷ ইয়াৰ পিছত উক্ত অঞ্চলসমূহত বৰষুণৰ সম্ভাৱনা আছে ৷
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী পাঁচ দিনৰ বাবে দেশৰ বৃহৎ অংশত গ্ৰীষ্ম প্ৰবাহৰ আগজাননী দিছে ৷ বিভাগটোৰ মতে পৰৱৰ্তী তিনি দিনত উত্তৰ-পশ্চিম ভাৰতৰ বেছিভাগ অঞ্চলত সৰ্বাধিক তাপমাত্ৰা প্ৰায় ২ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷
মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ তাপমাত্ৰাই ৪৫ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰিছে আৰু মধ্য ভাৰতত গৰম বৃদ্ধি পাই আছে ৷ শুকুৰবাৰৰ ভিতৰত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ তাপমাত্ৰা ৪৪ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰিব বুলি আগজাননী প্ৰদান কৰিছে।চুবুৰীয়া পশ্চিম বংগত তীব্ৰ গৰমৰ বাবে শৈক্ষিক প্ৰতিষ্ঠানসমূহত গ্ৰীষ্মবন্ধ আগুৱাই দিয়া হৈছে ৷ গৰমৰ বাবে ৰাজ্যখনৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত ২ মে’ৰ ভিতৰত পাঠদান বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।