আজি যশস্বী সংগীত শিল্পী মান্না দেৰ ওপজা দিন । ১৯১৯ চনৰ আজিৰ দিনটোতে কলকাতাত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল এগৰাকী সুৰকাৰ তথা কণ্ঠশিল্পী । চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী হিচাপে তেওঁ বিশেষভাৱে খ্যাত । ১৯৪২ চনত হিন্দী চলচ্চিত্ৰ ‘তামান্না’ত প্ৰথম গীত গোৱাৰে পৰাই তেওঁ চাৰি হাজাৰতকৈও অধিক গীতত কণ্ঠদান কৰিছিল । ছয় দশকৰো অধিককাল তেওঁ হিন্দী, বাংলা, অসমীয়া, মাৰাঠী, গুজৰাটী আদি বিভিন্ন ভাষাত গীত গাইছিল ।
তেওঁৰ ‘আকৌ এবাৰ লগ পাওঁ যদি, লাগিবতো পাৰে ভাল’, অসমীয়া চলচ্চিত্ৰ ‘অৰণ্য’ৰ ‘দিনৰ পোহৰ ৰংচঙীয়া, ভাল মানুহৰ সং’, ‘অপৰূপা’ চলচ্চিত্ৰৰ ‘অ’ সিপাৰৰ বান্ধৈ, আদি গীত আজিও অসমীয়া শ্ৰোতাৰ কাণে কাণে । তেওঁ পদ্মশ্ৰী, পদ্মবিভূষণ আদিৰ উপৰি দাদা চাহেব ফাল্কে বঁটাৰেও সন্মানিত হৈছিল । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।