ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই গুৱাহাটী পশ্চিম জলসম্পদ সংমণ্ডলৰ অধীনত ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰলীয়া নদীৰ সোঁপাৰে ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন আচঁনিৰ শিতানত কাৰ্যকৰী হ’বলগীয়া ৰঙিয়া নগৰ সুৰক্ষা মথাউৰি সবলীকৰণ আচঁনিখনৰ শুভ উদ্বোধন কৰে । আচঁনিৰ শুভাৰম্ভ কৰি বিধায়কগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বানমুক্ত অসমৰ স্বপ্নক বাস্তৱায়িত কৰি তুলিবলৈ ৰাজ্য চৰকাৰখন দায়বদ্ধ আৰু সেই দিশত জলসম্পদ বিভাগে দিনে-নিশাই কাম কৰি আছে ।
ৰঙিয়াত শুভাৰম্ভ কৰা আচঁনিখনৰ দ্বাৰা এক শক্তিশালী মথাউৰি নিৰ্মাণ হৈ উঠিলে বৃহত্তৰ তটাৰকুছি (বালাগাঁও) অঞ্চলৰ ৰাইজে বানৰ এক দীৰ্ঘদিনীয়া সমস্যাৰ পৰা পৰিত্ৰাণ পাব বুলি তেওঁ আশা প্ৰকাশ কৰে । ৰঙিয়া বিধানসভা সমষ্টিৰ মথাউৰিসমূহৰ সবলীকৰণৰ জৰিয়তে ৰাইজক বানপানীৰ পৰা সকাহ দিয়াৰ বাবে বহু প্ৰচেষ্টা লোৱা হৈছে বুলি উল্লেখ কৰি এইক্ষেত্ৰত জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলক সহায়-সহযোগিতা আগবঢ়াই যাবলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানত জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ লগতে স্থানীয় বহুসংখ্যক ৰাইজ উপস্থিত থাকে ।