ইউৰোপৰ কেইবাখনো দেশ ভ্ৰমণৰ লক্ষ্যৰে সোমবাৰে জার্মানীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ কালি উপস্থিত হোৱাৰ সময়তে দেশখনত থকা ভাৰতীয় লোকসকলে প্ৰধানমন্ত্ৰী গৰাকীক উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয় ৷ জার্মানীৰ শীর্ষ নেতৃবৃন্দক সাক্ষাৎ কৰি কেইবাটাও গুৰুত্বপূর্ণ বিষয়ত আলোচনা কৰাৰ লগতে তাত থকা ভাৰতীয় লোকসকলক সম্বোধন কৰে মোদীয়ে ৷
ইউৰোপ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্ক ভ্ৰমণ কৰিব। তেওঁ কোপেনহেগেনত তেওঁৰ ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট্টে ফ্ৰেডৰিকছনক সাক্ষাৎ কৰিব ৷ ডেনমাৰ্ক, আইচলেণ্ড, ফিনলেণ্ড, ছুইডেন আৰু নৰৱেৰ প্ৰধানমন্ত্ৰীসকলৰ সৈতে তেওঁ দ্বিতীয় ভাৰত-ন’ৰ্ডিক সন্মিলনতো অংশগ্ৰহণ কৰিব।
ইপিনে জাৰ্মান চেঞ্চেলৰ ওলাফ স্কৌলজৰ সৈতে হোৱা বাৰ্তালাপৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে সোমবাৰে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধক লৈ গুৰুত্বপূর্ণ মন্তব্য আগবঢ়াই ৷ তেওঁ কয়, “এই যুদ্ধত কোনো এটা পক্ষই জয়ী হ’ব নোৱাৰে ৷ ইয়াৰে বিপৰীতে সকলো ক্ষতিগ্ৰস্ত হ’ব ৷ ইউক্ৰেইন সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা অস্থিৰতাৰ বাবে তেলৰ মূল্য আকাশচুম্বী হৈ পৰিছে ৷ পৃথিৱীত খাদ্যশস্য আৰু সাৰৰ অভাৱো হৈছে ৷ ই পৃথিৱীৰ প্ৰতিটো পৰিয়ালৰ ওপৰত বোজা হৈ পৰিছে ৷ উন্নয়নশীল আৰু দৰিদ্ৰ দেশবোৰৰ ওপৰত ইয়াৰ প্ৰভাৱ আৰু অধিক গুৰুতৰ হ’ব। এই সংঘৰ্ষৰ মানৱীয় প্ৰভাৱৰ বাবে ভাৰত গভীৰভাৱে চিন্তিত ৷ ” আনহাতে স্কৌলজে কয় যে হিংসাত্মক কার্যৰে সীমান্ত সলনিৰ প্ৰচেষ্টা চলাব নালাগে বুলি তেওঁ আৰু প্ৰধানমন্ত্ৰী মোদীয়ে একমত পোষণ কৰিছে ৷ তেওঁ লগতে কয় যে জুনৰ শেষ সপ্তাহত জাৰ্মানীত অনুষ্ঠিত হ’বলগীয়া জি-৭ বৈঠকলৈ মোদীক আমন্ত্ৰণ জনোৱা হৈছে ৷
তেওঁ বুধবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক সাক্ষাৎ কৰিব। সোমবাৰে ফ্ৰান্সৰ নৌ সেনাই ঘোষণা কৰছিল যে তেওঁলোকে পি-৭৫ ইণ্ডিয়া (পি-৭৫আই) প্ৰকল্পত অংশগ্ৰহণ কৰিবলৈ অক্ষম ৷ ভাৰতীয় নৌসেনাৰ বাবে ভাৰতত ছয়খন পৰম্পৰাগত চাবমেৰিন নিৰ্মাণ কৰিব লাগিব বুলি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিছিল ৷ ক’ভিডৰ পিছত অর্থনীতিৰ পুনৰ উজ্জীৱিতকৰণ , জলবায়ু পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব দি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-ন’ৰ্ডিক সন্মিলনত অংশগ্ৰহণ কৰিব