এইবাৰ কোনো মহামাৰীৰ সীমাবদ্ধতা নথকাকৈ তেওঁলোকৰ প্ৰিয়জনৰ সৈতে ঈদ কেনেকৈ উদযাপন কৰিব সেই বিষয়ে কয় টিভি চেলিব্ৰেটীসকলে । সুস্বাদু নিখুঁত কোৰ্মা আৰু বিৰিয়ানিৰ পৰা আৰম্ভ কৰি পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে থকা আৰু উৎসৱ উদযাপন কৰালৈকে সময়খিনিৰ বাবে যেন অপেক্ষা কৰিবলৈকো ধৈৰ্য্যৰ সীমা নোহোৱা হৈছে তেওঁলোকৰ ৷
ঈদ উদযাপনৰ বিষয়ে জনপ্ৰিয় অভিনেত্ৰী ৰক্ষান্দা খানে ক’লে -এই ঈদটো বিশেষ ৷ এমাহ উপবাসৰ পিছত অহা এই উৎসৱ যেন এক পুৰষ্কাৰহে । কিন্তু দুখৰ বিষয় যে, এই বছৰ মই মোৰ আইতাক হেৰুৱাইছিলো সেয়েহে আমি দুবছৰৰ পিছত কোনো প্ৰতিবন্ধকতা অবিহনে ঈদ হোৱা স্বত্বেও ভালকৈ উদযাপন নকৰোঁ। পৰিয়ালৰ সকলো একত্ৰিত হোৱাটো নানীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আছিল। আমি সেয়েহে মাতৃপক্ষৰ সভা পাতিম আৰু এই দিনটো উদযাপন কৰিম ৷ যিহেতু প্ৰতিটো ঈদৰ দুপৰীয়া আমি আইতাৰ ঘৰত আহাৰ গ্ৰহণ কৰিছিলোঁ ।
জনপ্ৰিয় অভিনেতা আমিৰ আলীয়ে ঈদ সন্দৰ্ভত কয় যে-মহামাৰীৰ বাবে, সকলোৱে সাৱধান হৈ আছিল আৰু নিৰ্দেশনা অনুসৰণ কৰি আছিল কিন্তু অৱশেষত, দুবছৰৰ পিছত, আমি ঈদত প্ৰাৰ্থনা কৰিবলৈ ওলাই আহিব পাৰিলোঁ। মহামাৰীৰ বাবে প্ৰতিটো উৎসৱ স্থবিৰ হৈ আছিল ৷ সেয়ে এই বছৰ বহুতো উৎসৱ কোনো প্ৰতিবন্ধকতা নোহোৱাকৈ দিল চে উদযাপন কৰা হ’ব ৷ গতিকে ই এই বছৰটোক বিশেষ কৰি তোলে। সকলো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে বাবে ভাল লাগিছে । মই ঈদত কিছুমান ঘনিষ্ঠ বন্ধুৰ বাবে দুপৰীয়াৰ আহাৰৰ পৰিকল্পনা কৰিম। ঈদ মুবাৰক!
আনহাতে এজাজ খানে কয় -ৰাতিপুৱা এটা পাৰিবাৰিক প্ৰাৰ্থনা আমাৰ বাবে অতি আৱশ্যক। প্ৰতি বছৰে পৰিয়ালৰ গেট-টুগেদাৰ হৈছে মোৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ ৷ যোৱা দুবছৰ আমাৰ সকলোৰে বাবে কঠিন আছিল। কিন্তু এই বছৰ ভাইবটো বেলেগ । ঈদ উদযাপন স্পষ্টভাৱে দেখা গৈছে আৰু মই সুখী।
আলি গনিয়ে ক’লে, মই ঈদত মোৰ পৰিয়ালৰ সৈতে থাকিবলৈ জম্মুলৈ উৰা মাৰিম। হৰ ঈদ খাছ হোতি হে। সকলোকে ঈদৰ শুভেচ্ছা জনাম আৰু উদযাপন কৰিম। এইদিনটো মোৰ ভগ্নী, ভাই আৰু মোৰ মৰমৰ ভতিজা আৰু ভতিজিসকলৰ সৈতে প্ৰেম, হাঁহি আৰু কিছু সুন্দৰ খাদ্যৰে পৰিপূৰ্ণ হ’ব।
জনপ্ৰিয় ছানা শ্বেখে কয় -ঈদৰ বাবে, সদায়ৰ দৰে মই মোৰ পৰিয়ালৰ সৈতে ঘৰত থাকিম। ঈদ সদায় আনন্দদায়ক ৷ মই আশা কৰো যে এইটো সদায় তেনেকৈয়ে থাকিব। এই বছৰ, মই নিখুঁত কুৰ্মা আৰু বিৰিয়ানী বনোৱাৰ পৰিকল্পনা কৰিছো সেয়ে এইবাৰ মাক বিশ্ৰাম ল’বলৈ দিম।
ইউক্ৰেইন-ৰাছিয়া যুদ্ধত পীড়িত লোকসকলৰ বাবে প্ৰাৰ্থনা কৰিব হাছান জাইদীয়ে ৷ হাছান জাইদীয়ে ঈদ উদযাপন সন্দৰ্ভত কয় যে ,এই বছৰ মই মোৰ পত্নী আৰু জীৰ সৈতে ইউৰোপত থাকিম। মই জাৰ্মানী, স্পেইন আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিম। কাৰণ সন্তান হোৱাৰ পিছত, মানুহৰ ভ্ৰমণৰ পৰিকল্পনা সন্তানৰ স্কুল কেলেণ্ডাৰৰ চাৰিওফালে ঘূৰি থাকে। এই বছৰৰ ঈদ বিশেষ হ’ব কিয়নো আমি সকলোৱে উৎসৱৰ সময়ত একেলগে থাকিম। কিন্তু হয়, প্ৰাৰ্থনা কৰাটো অতি আৱশ্যক আৰু এই বছৰ, মই ইউক্ৰেইন-ৰাছিয়া যুদ্ধত পীড়িত লোকসকলৰ বাবে প্ৰাৰ্থনা কৰিম।