ধর্ষণৰ গোচৰ দিবলৈ আহি আৰক্ষী থানাৰ ভিতৰতে পুনৰ ধর্ষণৰ বলি হ’বলগীয়া হ’ল গৰাকী ১৩ বছৰীয়া কিশোৰী ৷ এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ললিতপুৰত ৷ অঞ্চলটোৰ এখন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ১৩ বছৰীয়া কিশোৰী গৰাকীক ধর্ষণ কৰে ৷
কিশোৰীগৰাকীয়ে অভিযোগ কৰা অনুসৰি তেওঁক চাৰিজন লোকে ধৰ্ষণ কৰিছিল ৷ ইয়াৰ পিছত তেওঁ এজন আত্মীয়ৰ সৈতে অভিযোগ দাখিল কৰিবলৈ আৰক্ষী চকীলৈ আহিছিল আৰু তেতিয়াই তেওঁক ধর্ষণ কৰা হৈছিল ৷ কিশোৰী গৰাকীৰ অভিযোগৰ পাছতে অভিযুক্ত বিষয়া তিলকধাৰী সৰোজক নিলম্বন কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে এটা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে। অভিযুক্ত বিষয়াজন সম্প্ৰতি পলাতক বুলি জানিব পৰা গৈছে ৷ ললিতপুৰৰ এজন শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা মতে কিশোৰী গৰাকীক ধর্ষণ কৰা আন তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।এজন ডিআইজি পৰ্যায়ৰ বিষয়াই গোচৰটোৰ তদন্ত কৰিব আৰু ২৪ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব।
মঙলবাৰে ছোৱালীজনীৰ দেউতাকে দাখিল কৰা এজাহাৰত উল্লেখ কৰা অনুসৰি চাৰিজন লোকে প্ৰলোভিত কৰিছিল আৰু ২২ এপ্ৰিলত ভূপাললৈ লৈ গৈছিল কিশোৰী গৰাকীক ৷ য’ত লোককেইজনে কিশোৰী গৰাকীক চাৰি দিন ধৰি ধৰ্ষণ কৰিছিল। অভিযুক্তকেইজনে কিশোৰী গৰাকীক গাৱঁলৈ ওভতাই আনি সংশ্লিষ্ট আৰক্ষী চকীত থৈ গৈছিল ৷
অভিযুক্ত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে কিশোৰী জনীক পৰিয়ালক গটাই দিয়ে যদিও বিবৃতি লিপিবদ্ধ কৰাৰ বাবে পিছদিনা আৰক্ষী চকীলৈ মাতি আনে ৷ অভিযুক্ত বিষয়াজনে ছোৱালীজনীক তেওৰ খুড়ীয়েকৰ উপস্থিতিত আৰক্ষী থানাৰ এটা কোঠাৰ ভিতৰলৈ নি ধৰ্ষণ কৰে ৷ ছোৱালীজনীৰ খুড়ীয়েককো এজাহাৰত অভিযুক্ত হিচাপে নাম উল্লেখ কৰা হৈছে।