দুদিনীয়া ইউৰোপ ভ্ৰমণৰ অংশ হিচাপে মঙলবাৰে ডেনমার্কত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ এই ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে ডেনমার্কৰ ৰাণী মাৰ্গ্ৰেথ দ্বিতীয়ক তেওঁৰ ৰাজত্বকালৰ সোণালী জয়ন্তী উপলক্ষে সম্বৰ্ধনা জনায় ৷ ডেনমাৰ্কৰ ৰাণী মাৰ্গ্ৰেথ দ্বিতীয়ই মঙলবাৰে কোপেনহেগেনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম অভ্যৰ্থনা জনায়।প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনৰ বাবে ৰাণী গৰাকীয়ে নৈশ ভোজৰ আয়োজন কৰে ৷ ৮২ বছৰীয়া ৰাণী গৰাকীয়ে ১৯৭২ চনৰ পৰা ডেনমাৰ্কত ৰাজত্ব কৰি আহিছে। ডেনিছ ৰাজতন্ত্ৰ পৃথিৱীৰ আটাইতকৈ পুৰণি ৰাজতন্ত্ৰসমূহৰ ভিতৰত অন্যতম ৷
২০২১ চনৰ অক্টোবৰত ডেনিছ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডৰিকছেনৰ ভাৰত ভ্ৰমণৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে দেশখন ভ্ৰমণ কৰিছে ৷ বিগত ২০ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এজন ভাৰতীয় প্ৰধানমন্ত্ৰী ডেনমাৰ্ক ভ্ৰমণ কৰিছে ৷