শেহতীয়াকৈ ৰাজনৈতিক ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ ৰাজনৈতিক কাৰ্যকলাপ বিশেষভাৱে চর্চিত হৈ আহিছে ৷ প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰিব বুলি ওলোৱা খবৰেও চর্চা লাভ কৰিছিল ৷ অৱশ্যে পৰৱর্তী সময়ত তেওঁ কংগ্ৰেছত যোগদান নকৰে বুলি স্পষ্ট কৰি দিয়ে ৷ ইয়াৰ মাজতে তেওঁ নতুন ৰাজনৈতিক দল খুলিব বুলি ৰাজনৈতিক মহলত চর্চিত হৈছিল ৷ কিন্তু বর্তমান ৰাজনৈতিক দল গঠনৰ কোনো পৰিকল্পনা নাই বুলি স্পষ্ট কৰি দিছে প্ৰশান্ত কিশোৰে ৷ ইয়াৰ বিপৰীতে তেওঁ নিজৰ গৃহ ৰাজ্য বিহাৰত চৰকাৰী ব্যৱস্থাৰ পৰিৱর্তনৰ বাবে কাম কৰি যাব বুলি সদৰী কৰিছে ৷
উল্লেখ্য যে প্ৰখ্যাত নিৰ্বাচনী ৰণনীতিবিদজনে অহা ২ অক্টোবৰৰ পৰা বিহাৰত ৩,০০০ কিলোমিটাৰ পদযাত্ৰা কৰিব বুলি ঘোষণা কৰে ৷ এয়া বিহাৰত “নতুন চিন্তা, নতুন প্ৰচেষ্টা” অনাৰ বাবে আৰম্ভ কৰা অভিযান বুলিও তেওঁ জানিবলৈ দিছে ৷
প্ৰশান্ত কিশোৰে লগতে কয় যে শীঘ্ৰে বিহাৰত কোনো নিৰ্বাচন অনুষ্ঠিত হ‘বলগীয়া নাই ৷ সেয়েহে এটা ৰাজনৈতিক দল বৰ্তমান আৰম্ভ কৰাৰ পৰিকল্পনা নাই ৷ তেওঁ কয়, “মই শূন্যৰ পৰা আৰম্ভ কৰিব বিচাৰো ৷ মই পৰৱৰ্তী তিনি-চাৰি বছৰ ৰাজহুৱা সুশাসনৰ ধাৰণাৰে ৰাইজৰ ওচৰলৈ যাম।”
মিছন বিহাৰ ঘোষণা কৰাৰ সময়তে ৰণনীতিবিদজনে লালু যাদৱ আৰু নীতিশ কুমাৰ দুয়োৰে শাসনক সমালোচনা কৰি ৰাজ্যখনৰ মুখ্য দলসমূহৰ সৈতে মিত্ৰতা সম্পৰ্কে কৰা জল্পনা-কল্পনা নস্যাৎ কৰে ৷
তেওঁ কয় যে যোৱা ১৫ বছৰ বিহাৰৰ বাবে ভাল নাছিল ৷ আজি কোনো ৰাজনৈতিক মঞ্চ বা ৰাজনৈতিক দল ঘোষণা কৰা নহয় । যিসকলে বিহাৰত পৰিৱৰ্তন বিচাৰে তেওঁলোকক একত্ৰিত কৰাৰ এয়া প্ৰয়াস ৷ প্ৰশান্ত কিশোৰে লগতে কয়: “যদি আমি ভৱিষ্যতে এটা ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত ল’ও তেন্তে সেয়া প্ৰশান্ত কিশোৰৰ দল নহ’ব। এইটো এটা জনসাধাৰণৰ দল হ’ব ।যোৱা কেইমাহমানত সুশাসনত বিশ্বাস কৰা ১৭,০০০ লোকক চিনাক্ত কৰা হৈছে । ইয়াৰে প্ৰায় ৯০ শতাংশ লোকে বিশ্বাস কৰে যে বিহাৰক নতুন চিন্তাধাৰাৰ প্ৰয়োজন। অহা তিনি-চাৰি মাহত, মই ব্যক্তিগতভাৱে যিমান পাৰি সিমান লোকক লগ কৰিবলৈ চেষ্টা কৰিম ৷”