চীনত ক’ভিডৰ ব্যাপক সংক্ৰমণ অব্যাহত থকাৰ সময়তে চলিত বর্ষৰ ছেপ্টেম্বৰত হাংঝৌত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছ অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছে ৷ আয়োজকসকলে এই প্ৰতিযোগিতা পিছুৱাই দিয়াৰ কোনো কাৰণ উল্লেখ কৰা নাই ৷ এক বিবৃতিত আয়োজক সকলে কয় “এছিয়াৰ অলিম্পিক পৰিষদে ঘোষণা কৰিছে যে ১০ ৰ পৰা ২৫ ছেপ্টেম্বৰলৈ চীনৰ হাংঝৌত অনুষ্ঠিত হ’বলগীয়া ১৯ তম এছিয়ান গেমছ পিছুৱাই দিয়া হৈছে ৷ ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে নতুন তাৰিখ ঘোষণা কৰা হ’ব ৷ “
আয়োজক চহৰ হাংঝৌ দেশখনৰ আটাইতকৈ বৃহৎ চহৰ ছাংহাইৰ পৰা ২০০ কিলোমিটাৰতকৈও কম দূৰত্বত অৱস্থিত ৷ ক’ভিড শূণ্য কৰাৰ বাবে ছাংহাইত ঘোষণা কৰা হৈছিল লকডাউন ৷ আয়োজকসকলে যোৱা মাহত প্ৰকাশ কৰা অনুসৰি পূৱ চীনত ১২ নিযুত লোকে বাস কৰা হাংঝৌত এছিয়ান গেমছ আৰু এছিয়ান পেৰা গেমছৰ বাবে প্ৰায় ৫৬ টা প্ৰতিযোগিতাৰ স্থান নিৰ্মাণ সম্পূর্ণ কৰা হৈছে ৷
১৯৯০ চনত বেইজিং আৰু ২০১০ চনত গুয়াংঝৌৰ পিছত এই প্ৰতিযোগিতা আয়োজন কৰা হাংঝৌ হৈছে চীনৰ তৃতীয় খন চহৰ ৷প্ৰতিযোগিতাৰ অংশ হিচাপে কিছুমান খেল নিংবো, ৱেনঝৌ, হুঝৌ, শ্বাওক্সিং আৰু জিনহুয়াকে ধৰি অন্যান্য প্ৰাদেশিক চহৰত অনুষ্ঠিত হোৱাৰ কথা আছিল।২০১৯ ৰ শেষৰ ফালে চীনৰ উহান চহৰত ক’ভিডৰ সংক্ৰমণ হোৱাৰ পিছত প্ৰায় সকলো আন্তৰ্জাতিক ক্ৰীড়া প্ৰতিযোগিতা চীনত বন্ধ কৰা হৈছিল ৷