আজি বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ গিৰিধৰ শৰ্মাৰ স্মৃতি দিৱস । তেওঁ নলবাৰী ছোৱালী এম ই স্কুলত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলি বিভিন্ন ঠাইত শিক্ষকতা কৰাৰ পিছত গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু কটন মহাবিদ্যালয়ত অধ্যাপনা কৰে । তাৰ পিছত গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে যোগদান কৰি তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে । তেওঁ অসম কলেজ শিক্ষক সংস্থা আৰু অসম কলেজ অধ্যক্ষ সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল । তদুপৰি বাণীকান্ত বি টি মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিল আৰু অসম মাধ্যমিক শিক্ষা পৰিষদৰো সদস্য আছিল । ১৯৭৩ চনত ৰঙিয়াত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । আধুনিক অসমীয়া ভাষাৰ ব্যাকৰণ, অসমীয়া অভিধান, সংস্কৃত ব্যাকৰণ চন্দ্ৰিকা, চুটিগল্প সংকলন আদি তেওঁৰ প্ৰকাশিত পুথি । অসমীয়া ভাষা-সাহিত্যৰ এইগৰাকী নীৰৱ সাধকৰ ১৯৭৮ চনৰ আজিৰ দিনটোতে পৰলোকপ্ৰাপ্তি ঘটে । সাহিত্যিক, শিক্ষাবিদগৰাকীলৈ আমাৰ প্ৰণাম ।