চাহৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ মিঠাই আৰু কম-বেছি পৰিমাণে ৰন্ধনৰ ক্ষেত্ৰত আমি চেনি ব্যৱহাৰ কৰোঁ। অকল খোৱাৰ ক্ষেত্ৰতে নহয় ব্যৱহাৰিক আন বহুতো দিশত আমাৰ চেনিৰ ব্যৱহাৰ উল্লেখনীয়। জানো আহক চেনীৰ বিষয়ে-
১) বাচন -বৰ্তন পৰিষ্কাৰ কৰি চিকচিকীয়া কৰাৰ ক্ষেত্ৰত চেনীৰ ব্যৱহাৰ অতি গ্ৰহণযোগ্য। ৰান্ধনী ঘৰৰ বাচন-বৰ্তন সমূহত প্ৰায়ে আয়ৰণ যুক্ত পানীৰ বাবে অথবা বেলেগ কাৰণত দাগ থাকি যায়। যিবোৰ পৰিষ্কাৰ কৰিবলৈ কষ্ট হয়। পানীত চেনী মিহলাই এঘণ্টামান বাচনসমূহ তিয়াই ৰাখিলে দাগ আপোনা-আপুনি নোহোৱা হয়।
২) গৰমে গৰমে কোনো খাদ্য খালে বা পানীয় গ্ৰহণ কৰিলে অকস্মাতে আমাৰ জিভা পুৰে। এনে ক্ষেত্ৰত সেই পুৰা স্থানত অলপমান চেনী ৰাখিলে যথেষ্ট উপকাৰ পোৱা যায়।
৩) ৰান্ধনী ঘৰৰ এক প্ৰধান সমস্যা হৈছে পঁইতাচোৰা। পঁইতাচৰাই নানা ধৰণৰ বেমাৰৰ বীজানু কঢ়িওৱাৰ লগতে অতি কম সময়তে বংশ বৃদ্ধি কৰি অশান্তিৰ সৃষ্টি কৰে । ১০ গাম বৰিক পাউদাৰ , ১ টেবুল চামুচ চেনি , ১ টেবুল চামুচ দৈ আৰু ১ টেবুল চামুচ আটা মিহলি কৰি সৰু সৰু বল তৈয়াৰ কৰি ল’ব লাগে। এই বলবোৰ পঁইতাচোৰা বেছি হোৱা ঠাইবোৰত থৈ দিলে পঁইতাচোৰা নোহোৱা হয়।
৪) বাদাম বহু দিনলৈ ভালে ৰাখিবলৈ বাদাম থোৱা পাত্ৰত কেই চামুচ মান চেনি থৈ দিলে বাদাম বহু দিনলৈ ভালে থাকে।
৫) সৰু লৰা-ছোৱালী অকস্মাতে পৰি গ’লে দাঁতেৰে কামোৰ খাই ওঁঠ ফ’টা দেখা যায়। এনেকুৱা হ’লে চামুচত চেনিলৈ খুৱাই দিব লাগে। কণ , কণ শিশুৱে চেনি খাই ভাল পোৱাৰ বাবে কন্দা বন্ধ হয় আৰু চেনি লাগি ক’টা স্থানৰ পৰা তেজ ওলোৱা বন্ধ হয়।