আফগানিস্তানত মহিলাসকলৰ বাবে হিজাব পৰিধান বাধ্যতামূলক কৰিছে তালিবান চৰকাৰে ৷ তালিবান চৰকাৰৰ এই নির্দেশৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নবেল বঁটা বিজয়ী মালালা ইউছুফজাইয়ে ৷ এই প্ৰসংগতে তেওঁ কয় “তালিবানে আফগানিস্তানৰ সকলো ৰাজহুৱা জীৱনৰ পৰা ছোৱালী আৰু মহিলাসকলক আতঁৰাই ৰাখিব বিচাৰে ৷ ছোৱালীসকলক বিদ্যালয়ৰ পৰা আৰু মহিলাসকলক কামৰ পৰা আঁতৰাই ৰাখিবলৈ, তেওঁলোকক পৰিয়ালৰ পুৰুষ সদস্য অবিহনে ভ্ৰমণ কৰাৰ অনুমতি নিদিবলৈ আৰু তেওঁলোকৰ মুখ আৰু শৰীৰ সম্পূৰ্ণৰূপে ঢাকিবলৈ বাধ্য কৰিব বিচাৰে ৷”
তেওঁ বিশ্বৰ নেতাসকলক লাখ লাখ মহিলা আৰু ছোৱালীৰ মানৱ অধিকাৰ উলংঘন কৰাৰ বাবে তালিবানক জবাবদিহি কৰিবলৈ সামূহিক পদক্ষেপ ল’বলৈ আহ্বান জনাইছে ৷ এক টুইটত তেওঁ কয় “আমি আফগান মহিলাসকলৰ বাবে আমাৰ সতৰ্কতাৰ অনুভূতি হেৰুৱাব নালাগে কিয়নো তালিবানে তেওঁলোকৰ প্ৰতিশ্ৰুতি ভংগ কৰি আছে। এতিয়াও, মহিলাসকলে তেওঁলোকৰ মানৱ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিবলৈ ৰাজপথলৈ ওলাই আহিছে ৷আমি সকলোৱে আৰু বিশেষকৈ মুছলমান দেশৰ লোকসকলে তেওঁলোকৰ সৈতে থিয় দিব লাগিব ৷”
ইয়াৰ পূৰ্বে, ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিঅ’ গুটেৰেছে দেওবাৰে তালিবানে আফগান মহিলাসকলক হিজাব পৰিধান বাধ্যতামূলক কৰাৰ শেহতীয়া সিদ্ধান্তৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছিল ৷