এক বিস্ফোৰণে কালি কপাঁই তোলে পাঞ্জাৱ ৷ ৰাজ্যখনৰ আৰক্ষীৰ চোৰাংচোৱা শাখাৰ মুখ্য কার্যালয়ৰ তৃতীয় মহলাত সংঘটিত হয় এই বিস্ফোৰণ ৷ সোমবাৰে সন্ধিয়া প্ৰায় ৭.৪৫ বজাত মোহালিৰ চেক্টৰ ৭৭ ৰ পঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা মুখ্য কাৰ্যালয়ৰ সংঘটিত এই বিস্ফোৰণত কোনো লোকৰ প্ৰাণহানিৰ খবৰ পোৱা হোৱা নাই। মোহালিৰ এছপি (মুখ্য কাৰ্যালয়) ৰবীন্দ্ৰ পাল সিঙে কয় যে গ্ৰেনেডটো, সম্ভৱতঃ এটা ৰকেট চালিত গ্ৰেনেড (আৰপিজি) আৰু ইয়াক বাহিৰৰ পৰা নিক্ষেপ কৰা হৈছিল। এয়া সন্ত্ৰাসবাদী আক্ৰমণ বুলি সন্দেহ কৰা হৈছে ৷ এটা চিএফএছএল দলে ঘটনাস্থলী পৰিদৰ্শন কৰে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে বিস্ফোৰণ সংঘটিত হোৱা কোঠাটোত কোনো ব্যক্তি উপস্থিত নাছিল।
আৰক্ষীয়ে আক্ৰমণটোত জড়িত ব্যক্তিৰ সংখ্যা নিশ্চিত কৰিব পৰা নাই ৷ সন্দেহযুক্তসকলৰ পৰিচয় জানিবলৈ অঞ্চলটোৰ চিচিটিভি ফুটেজ একত্ৰিত কৰা হৈছে । এটা বেচমেণ্ট থকা পাঁচ মহলীয়া অট্টালিকাটো ভিতৰৰ পৰা যথেষ্ট সুৰক্ষিত, কিন্তু সন্মুখৰ ফালে এটা নিৰ্জন ৰাস্তাৰ দ্বাৰা সংযোজিত হৈ আছে । ভৱনটোৰ পিছফালে এটা আৱাসিক এলেকা আছে।ইফালে এই ঘটনাৰ সৈতে জড়িত দোষী সাৰি নাযাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৷