মহানগৰীত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে ড্ৰাগছ নাইবা নিছাজাতীয় সামগ্ৰী সৰবৰাহ ও সেৱনকাৰীৰ সংখ্যা ৷ যাক লৈ চিন্তিত হৈ পৰিছে ৰাজ্যখনৰ একাংশ লোক ৷
মংগলবাৰে পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ এটা বিশেষ দলে গড়চুক আৰক্ষী থানাৰ অধীনৰ বৰাগাঁৱত দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।
দুই ড্ৰাগছ সৰবৰাহকাৰীক ক্ৰমে মঃ চাহিদ আলম (২০) আৰু বেলুৱা বেগম ওৰফে দিঘলী (৩০) বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ দলটোৱে সৰবৰাহকাৰী দুজনৰ পৰা এটা ড্ৰাগছৰ পেকেট, সন্দেহজনক হেৰোইনৰে ভৰ্তি ২৫ টা প্লাষ্টিকৰ ভাইল, এখন পালচাৰ বাইক (এএছ-২৫ই-৫৩৪৫) আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰে।