দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ এ বি ডি ভিলিয়ৰ্ছ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এক অন্যতম নাম যি আছিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (আৰচিবি)ৰ দীৰ্ঘদিনীয়া খেলুৱৈ ৷ কিন্তু ভিলিয়ৰ্ছে চলিত ছিজনৰ আগতে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল। আটাইতকৈ বহুমুখী বেটছমেনসকলৰ মাজৰ এজন হিচাপে পৰিগণিত হোৱা এ বি ডি ভিলিয়ৰ্ছক মিষ্টাৰ ৩৬০ বুলিও অভিহিত কৰা হৈছিল যি বছৰ বছৰ ধৰি আৰ চি বিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ খেলুৱৈ আছিল আৰু খেলুৱৈগৰাকীয়ে প্ৰায়ে তেওঁলোকক কঠিন পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিছিল।
আৰচিবি এই ছিজনত প্লে-অফৰ স্থানৰ বাবে বিবাদত আছে আৰু তেওঁৰ অনুপস্থিতি দলটোৱে অনুভৱ কৰিছে ৷ বিশেষকৈ কেইখনমান খেলৰ পৰাজয়ত বেটিঙে হতাশ কৰিছে দলটোক ।
আই পি এলৰ উদ্বোধনী সময়ৰ পৰা থকা আৰচিবিৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়েও দক্ষিণ আফ্ৰিকাৰ মেষ্ট্ৰোৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰিছিল আৰু তেওঁলোক দুয়োৰে উপস্থিতি দলটোৰ বাবেও প্ৰতিষ্ঠিত হৈ পৰিছিল।
কোহলীয়ে ইতিমধ্যে এই কথা প্ৰকাশ কৰিছে যে তেওঁ ডি ভিলিয়ৰ্ছৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিছে আৰু লগতে ডি ভিলিয়ৰ্ছৰ আৰচিবিলৈ উভতি অহাৰ সম্ভাৱ্য ইঙ্গিত দিছে।”তেওঁ অলপতে আমেৰিকা যুক্তৰাষ্ট্ৰত গ’ল্ফ চাই আছিল।”গতিকে আমি যোগাযোগত আছোঁ আৰু তেওঁ আৰচিবিক অতি আগ্ৰহেৰে চাই আছে আৰু আশা কৰোঁ অহা বছৰ তেওঁ ইয়াত থাকিব” কোহলীয়ে মিচিকিয়া হাঁহিৰে কৈছিল৷
এবি ডি ভিলিয়ৰ্ছে ২০১১ চনত আৰচিবিত যোগদান কৰিছিল আৰু ১১টা ছিজনত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ তেওঁলোকক ২০১১ আৰু ২০১৬ চনত ফাইনেলত উপনীত হোৱাত সহায় কৰিছিল অন্যথা দলটোৱে কেতিয়াও ইমান দূৰলৈ যাব পৰা নাছিল।
এই বছৰ আৰচিবি বৰ্তমানলৈকে ১২ খন মেচত ১৪পইণ্টেৰে আই পি এল ২০২২ৰ পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে।