দেশদ্ৰোহৰ অভিযোগত বিভিন্ন সময়ত গ্ৰেপ্তাৰ হোৱা লোকসকলৰ বাবে আছে সুখবৰ ৷ দেশদ্ৰোহ আইনৰ বিৰুদ্ধে আজি এক ঐতিহাসিক নির্দেশ প্ৰদান কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে ৷ এটা গোচৰৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে চৰকাৰে এই আইনখন পুণৰীক্ষণ নকৰা পর্যন্ত স্থগিত ৰাখিবলৈ নির্দেশ দিছে ৷ উচ্চতম ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ নির্দেশত কয় যে দেশদ্ৰোহৰ বাবে কাৰাগাৰত থকা সকলে জামিনৰ বাবে আদালতৰ কাষ চাপিব পাৰে।
তদুপৰি দেশদ্ৰোহৰ বাবে কোনো নতুন এজাহাৰ পঞ্জীয়ন কৰিব নোৱাৰিব আৰক্ষীয়ে ৷ চৰকাৰে আইনখন পুনৰ বিবেচনা কৰাৰ সময়ত সকলো অমীমাংসিত গোচৰ স্থগিত ৰাখিব লাগিব ৷ মুখ্য ন্যায়াধীশ এন ভি ৰমনে কয়- “পৰৱৰ্তী পুনৰীক্ষণ সমাপ্ত নোহোৱালৈকে আইনৰ এই ধাৰা ব্যৱহাৰ নকৰাটো উচিত হ’ব। আমি আশা কৰোঁ যে কেন্দ্ৰ আৰু ৰাজ্যই ১২৪ এ (দেশদ্ৰোহ আইন)ৰ অধীনত যিকোনো এজাহাৰ পঞ্জীয়ন কৰাৰ পৰা বিৰত থাকিব বা পুনৰ পৰীক্ষা সমাপ্ত নোহোৱালৈকে ইয়াৰ অধীনত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ নকৰিব ৷ যদি কোনো নতুন গোচৰ ৰুজু কৰা হয়, অভিযুক্তসকলে আদালতৰ কাষ চাপিব পাৰে। আইনৰ অপব্যৱহাৰ প্ৰতিহত কৰিবলৈ কেন্দ্ৰই ৰাজ্যসমূহক নিৰ্দেশনা প্ৰদান কৰাৰ স্বাধীনতা আছে।”
চৰকাৰে সোমবাৰে ব্ৰিটিছসকলে মহাত্মা গান্ধীৰ বিৰুদ্ধে ব্যৱহাৰ কৰা দেশদ্ৰোহী আইন পুনৰীক্ষণৰ সিদ্ধান্ত ঘোষণা কৰে। কিন্তু আজি কেন্দ্ৰই যুক্তি দিছিল যে যদিও এই আইনৰ পুণৰীক্ষণ হ’ব লাগে তৎসত্বেও ইয়াক স্থগিত কৰিব নালাগে।
আৱেদনকাৰীসকলক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালে কয় যে সমগ্ৰ ভাৰতত ৮০০ৰো অধিক দেশদ্ৰোহৰ গোচৰ আছে আৰু ১৩,০০০ লোক কাৰাগাৰত আছে ৷ ভইচ ২৪*৭ ত এই আইনখনৰ সৱিশেষ সামৰি এক প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল ৷