বাৰাণসীৰ প্ৰতিষ্ঠিত কাশী বিশ্বনাথ মন্দিৰৰ সমীপত অৱস্থিত জ্ঞানৱাপী মছজিদৰ জৰীপ অব্যাহত ৰাখিবলৈ নির্দেশ দিছে স্থানীয় এখন আদালতে ৷ পাঁচগৰাকী হিন্দু মহিলাৰ আৱেদনৰ ভিত্তিত এই নির্দেশ প্ৰদান কৰে আদালতে ৷ বাৰাণসীৰ জ্ঞানৱাপী মছজিদ চৌহদৰ পশ্চিম দেৱালৰ ওচৰত থকা থকা এটা হিন্দু মন্দিৰত যিকোনো সময়ত পুজা-অর্চনা আগবঢ়োৱাৰ ক্ষেত্ৰত যাতে কোনো প্ৰতিবন্ধকতা আহি নপৰে তাৰ বাবে অধিকাৰ বিচাৰি মহিলা কেইগৰাকীয়ে আৱেদন জনাইছিল ৷ অধিবক্তা অজয় কুমাৰ মিশ্ৰৰ উপৰিও আদালতে আন দুজন দুজন অধিবক্তা ক্ৰমে অজয় সিং আৰু বিশাল সিঙক আয়ুক্ত হিচাপে নিযুক্তি দিয়ে ৷ মিশ্ৰক মছজিদ সমিতিয়ে পক্ষপাতমূলক ভুমিকা লোৱা বুলি অভিযোগ কৰাৰ পিছত দুই গৰাকী অধিবক্তাক নিযুক্তি প্ৰদান কৰা হয় ৷ জ্ঞানৱাপী-কাশী বিশ্বনাথ মন্দিৰ চৌহদ পৰিদৰ্শনৰ পাছত আয়োগে ১৭ মে’ৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব।
এই চৌহদটো বৰ্তমান বছৰত এবাৰ প্ৰাৰ্থনাৰ বাবে মুকলি কৰা হয়। মহিলাসকলে “পুৰণি মন্দিৰ চৌহদৰ ভিতৰত দৃশ্যমান আৰু অদৃশ্য দেৱতা”ৰ ওচৰত প্ৰাৰ্থনা কৰাৰো আবেদনৰ জৰিয়তে অনুমতি বিচাৰিছে । স্থানীয় আদালতে পূর্বে কৰ্তৃপক্ষক ১০ মে’ৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।জৰীপটো যোৱা শুকুৰবাৰে আৰম্ভ হৈছিল কিন্তু মছজিদৰ ভিতৰত ভিডিঅ’গ্ৰাফীক লৈ হোৱা বিবাদৰ বাবে সেয়া সম্পূৰ্ণ হোৱা নাই।