বুধবাৰে নিশা গুগলে ঘোষণা কৰে যে মিজো আৰু মেইটেইলনকে ধৰি আন সাতটা ভাৰতীয় ভাষাৰ সৈতে অৱশেষত গুগল অনুবাদত সংযোগ কৰা হৈছে অসমীয়া ভাষাক ।
গুগলৰ বিষয়াসকলে জানিবলৈ দিয়া মতে শেহতীয়া আপডেটত তেওঁলোকে গুগল অনুবাদত ২৪ টা নতুন ভাষাৰ সংযোজন কৰিছিল ৷ গুগল অনুবাদত যুক্ত কৰাৰ বাবে ব্যৱহাৰকাৰী সকলে আটাইতকৈ বেছিকৈ অনুৰোধ কৰা ভাষাটো আছিল সংস্কৃত ।
গুগলৰ বিষয়াসকলে এইটোও কৈছিল যে শেহতীয়া আপডেটত উত্তৰ-পূব ভাৰতৰ প্ৰথম ভাষাসমূহক গুগল অনুবাদত সংযোগ কৰা হৈছে।
গুগল অনুবাদত সংযোজন কৰা ২৪ টা নতুন ভাষাৰ ভিতৰত নতুনকৈ যোগ কৰা আঠটা ভাষা হৈছে সংস্কৃত, অসমীয়া, ভোজপুৰী, ডোগৰী, কোঙ্কণী, মৈথিলী, মিজো আৰু মেইটেইলন (মণিপুৰী)।