কাজিনেমুক কাগজী নেমু বুলিও কিছুমানে কয়। ই এবিধ সৰু কাঁইটীয়া জোপোহা গছ। কেঁচা অৱস্থাত ফলৰ ৰং সেউজীয়া আৰু পকিলে কমলা ৰঙৰ হয়।কাঁজিনেমু ৰসেৰে পৰিপূৰ্ণ। পাত আৰু ফলৰ পৰা সুগন্ধি ওলায়।
ইংৰাজী নাম ঃ Acidime/Lemon
বৈজ্ঞানিক নাম ঃ Citrus aurantifolia (Chrism) Swingle.
কাঁজিনেমুৰ সোৱাদ টেঙা।কাঁজিনেমুত ভিটামিন ‘চি’ ৰ উপৰিও বহুতো ঔষধি গুণ আছে-
১) কাঁজিনেমুৰ ৰসে গাৰ ছাল নিমজ কৰে।
২) পেটৰ বিষ , গ্ৰহণী , পেটচলা , আদি ৰোগৰ কাঁজিনেমু মহৌষধস্বৰূপ।
৩) কাঁজি নেমুৰ ৰস আৰু পাতৰ ৰসে কৃমি নাশ কৰে।৪) কাঁজি নেমু খালে তেজ পৰিস্কাৰ হয়।
৫) পানী লগাৰ পৰা আৰম্ভ কৰি কৰ্কটৰোগ পৰ্যন্ত কাঁজি নেমুয়ে প্ৰতিৰোধ কৰিব পাৰে।
৬) কাঁজি নেমুয়ে বমি বন্ধ কৰে।ই ৰুচিকাৰক আৰু কাঁজিনেমু খালে ভোক বৃদ্ধি হয়।
৭) কাঁজিনেমুয়ে শৰীৰৰ পৰা দূষিত পদাৰ্থ বাহিৰ কৰে আৰু শৰীৰ সুগন্ধি কৰি ৰাখে।
৮) চকুত এটোপাল কাঁজিনেমুৰ ৰস দিলে ছানি পৰা ৰোগ ভাল হয়।
৯) কাঁজি নেমুৰ ৰস মূৰত লগালে উফি নোহোৱা হয় আৰু শালমইনা ভাল হয়।
১০) কাঁজি নেমু খালে শৰীৰৰ মেদ কমে।
১১) মেলেৰীয়া ৰোগৰ কাৰণে কাঁজিনেমু উপকাৰী।১২) কাঁজিনেমু হাওঁফাওঁ , যকৃত , জৰায়ু , বৃক্ক , সৰু আই , মাজুআই আদি ৰোগীৰ বাবে উপকাৰী।