আজি ভাৰতৰ পঞ্চমগৰাকী ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ ওপজা দিন । ১৯০৫ চনৰ আজিৰ দিনটোতে দিল্লীত তেওঁৰ জন্ম হৈছিল । তেওঁ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী আৰু এইপৰ্যন্ত একমাত্ৰ অসম সন্তান । তেওঁৰ পিতৃ কৰ্ণেল জালনুৰ আলী আহমেদ ভাৰতীয় চিকিৎসা সেৱাৰ এগৰাকী উচ্চ পদস্থ বিষয়া আছিল আৰু তেওঁৰ পৈতৃক গৃহ আছিল গোলাঘাটৰ ওচৰৰ কছাৰীহাটত । ফখৰুদ্দিন আলী আহমেদ পেছাত এগৰাকী আইনজীৱী আছিল । তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰি কাৰাবাসো খাটিবলগীয়া হৈছিল । তেওঁ ১৯৩৮ চনত গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ বিত্ত, ৰাজহ আৰু শ্ৰম মন্ত্ৰী আছিল । স্বাধীনতাৰ পিছত তেওঁ ৰাজ্যসভা, লোকসভা আৰু বিধানসভাৰ সদস্য নিৰ্বাচিত হয় । তেওঁ অসম চৰকাৰৰ মহাধিবক্তাৰ পদবীও লাভ কৰে । ১৯৭৪ চনৰ ২০ আগষ্ট তাৰিখে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় । এইগৰাকী বৰেণ্য ব্যক্তিলৈ আমাৰ প্ৰণাম ।