ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক স্বাগতম জনাই, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে অসমৰ কাগজ কলৰ কৰ্মীসকলে।
চৰকাৰে অধিগ্ৰহণ কৰাৰ পিছৰে পৰাই দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা কাছাৰ কাগজ কলত এতিয়া আৰম্ভ হৈছে কৰ্মীসকলক পুনৰসংস্থাপন আৰু অনাদায় দৰমহা প্ৰদান কৰাৰ ব্যৱস্থা। আজিৰে পৰা হাইলাকান্দি জিলাত আৰম্ভ হৈছে এই প্ৰক্ৰিয়া। ইয়াৰ প্ৰথম পৰ্যায়ত কাগজ কলৰ কৰ্মীসকলক আজিৰে পৰা হাইলাকান্দি জিলাৰ আলগাপুৰ চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত থাকিবলৈ হাইলাকান্দি জিলা প্ৰশাসনে এক জাননী প্ৰদান কৰিছিল।
আজি পুৱাৰে পৰাই কাছাৰ কাগজ কলত কৰ্মৰত বিভিন্ন শ্ৰেণীৰ কৰ্মীসকল উক্ত কাৰ্যালয়ত উপস্থিত হৈ নিজৰ প্ৰয়োজনীয় নথি জমা দিয়ে।
আনহাতে, ইতিমধ্যে মৃত্যু হোৱা কৰ্মচাৰী সকলৰ নিকট আত্মীয়সকলেও নিজৰ বৈধ উত্তৰাধিকাৰীৰ তথ্য চৰকাৰৰ হাতত তুলি দিয়ে। ইয়াৰ উপৰিও যিসকল কৰ্মচাৰী ৰাজ্যৰ বাহিৰত আছে, তেওঁলোকক অহা ১৯ তাৰিখে আলগাপুৰ চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ দিয়া হৈছে।
সেয়ে ৰাজ্য চৰকাৰৰ এই প্ৰচেষ্টাক স্বাগতম জনাই, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে কাগজ কলৰ কৰ্মীসকলে।