নির্ধাৰিত সূচী অনুসৰিয়েই অনুষ্ঠিত হ’ব নীট –পি জিৰ প্ৰৱেশ পৰীক্ষা ৷ এই প্ৰৱেশ পৰীক্ষা পিছুৱাই দিয়াৰ আর্জিৰে দাখিল কৰা আৱেদন আজি খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে ৷ এই পৰীক্ষা অহা ২১ মে’ত অনুষ্ঠিত হ’ব। পৰীক্ষা পিছুৱাই দিবলৈ চিকিৎসকৰ এটা গোট দ্বাৰস্থ হৈছিল উচ্চতম ন্যায়ালয়ৰ ৷
শীৰ্ষ আদালতে কয় যে ২০১৬ চনৰ জানুৱাৰীত আদালতৰ দ্বাৰা নিৰ্ধাৰিত নামভৰ্তিৰ সময়সূচীৰ ওপৰত যিকোনো সম্প্ৰসাৰণে ব্যাপক প্ৰভাৱ পেলাব। ইতিমধ্যে নীট পিজি চলিত বর্ষত ৪ মাহ পলম হৈছে। কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি ২০২৩ চনৰ জানুৱাৰীত নীট -পিজি ২০২৩-২৪ বর্ষৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ৷ যোৱা ২ বছৰ ধৰি ক’ভিড-১৯ৰ বাবে নামভৰ্তিত হোৱা বিলম্বতা দূৰ কৰি সময়সূচী পুনৰ পূর্বৰ দৰে কৰিব বিচৰা হৈছে ৷