ভাৰতৰ বর্তমান অৰ্থনৈতিক অৱস্থা অত্যন্ত উদ্বেগজনক বুলি মন্তব্য কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে ৷ এই সন্দর্ভত তেওঁ কয় যে বিশ্বব্যাপী আৰু দেশত সৃষ্টি হোৱা পৰিস্থিতিৰ কথা বিবেচনা কৰি, অৰ্থনৈতিক নীতিসমূহৰ পুনৰ নিৰ্ধাৰণৰ বিষয়ে চিন্তা কৰাৰ সময় আহি পৰিছে ৷ এখন সংবাদমেল সম্বোধন কৰি চিদাম্বৰমে কয় যে বিগত আঠ বছৰত বিকাশৰ লেহেমীয়া হাৰ বৰ্তমান চৰকাৰৰ “হলমাৰ্ক” লৈ পৰিণত হৈছে ৷ ক’ভিড মহামাৰীৰ পিছত অর্থনীতিৰ পুনৰুদ্ধাৰ স্থবিৰ হৈ পৰিছে ৷
ৰাজস্থানৰ উদয়পুৰত তিনিদিনীয়া ‘চিন্তন শিবিৰ’ত আলোচনাৰ নেতৃত্ব দিবলৈ কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে গঠন কৰা অৰ্থনীতিৰ পেনেলৰ মুৰব্বী চিদাম্বৰমে লগতে কয় যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত বিত্তীয় সম্পৰ্কৰ এক ব্যাপক পৰ্যালোচনা কৰাৰ এয়া উপযুক্ত সময় ৷ ২০১৭ চনত মোদী চৰকাৰে প্ৰণয়ন কৰা দুর্বল জিএছটি আইনৰ পৰিণাম সকলোৱে দেখিবলৈ পাব বুলিও কংগ্ৰেছ নেতাজনে কয়।
“ৰাজ্যসমূহৰ বিত্তীয় স্থিতি একেবাৰে ভাঙি পৰিছে আৰু ইয়াৰ বাবে জৰুৰী প্ৰতিকাৰমূলক ব্যৱস্থাৰ প্ৰয়োজন ৷”-প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীয়ে কয় ৷ ১৯৯১ চনত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে উদাৰীকৰণৰ এক নতুন যুগৰ সূচনা কৰিছিল বুলি উল্লেখ কৰি চিদাম্বৰমে কয় যে সম্পদ সৃষ্টি, নতুন ব্যৱসায় আৰু নতুন উদ্যোগী, এক বৃহৎ মধ্যবিত্ত শ্ৰেণী, লাখ লাখ চাকৰি, ৰপ্তানি আৰু ১০ বছৰত ২৭ কোটি লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই অনাৰ দৰে পদক্ষেপত দেশখন যথেষ্ট লাভান্বিত হৈছে।