অসম চৰকাৰৰ মাইক্ৰ’ফাইনেন্স ৰিলিফ আঁচনি অনুসৰি অসম চৰকাৰে ইতিমধ্যেই ঋণ লওঁতাসকলৰ মাজত চেক বিতৰণ কাৰ্যসূচী আৰম্ভ কৰিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঋণগ্ৰস্ত মহিলাসকলক চেক বিতৰণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী আবাস যোজনা গ্ৰামীনৰ হিতাধিকাৰী সকলকো চেক বিতৰণ কৰিছে চৰকাৰখনে ৷
শেহতীয়াকৈ ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদকে ধৰি আঠখনকৈ গাঁও পঞ্চায়তৰ সভাপতিসকলৰ উপস্থিতিত গৰৈমাৰী অঞ্চলৰ ১৭৪৪ গৰাকী ঋণগ্ৰস্ত মহিলাক বিতৰণ কৰা হ’ল চেক ৷২০২১-২২ বৰ্ষৰ প্ৰধানমন্ত্ৰী আবাস যোজনা গ্ৰামীনৰ হিতাধিকাৰী সকলকো চেক বিতৰণ কৰা হয় উক্ত অনুষ্ঠানত৷
আনহাতে সমান্তৰালভাৱে বকোতো ২০৫২গৰাকী হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰা হয় ৷