মুক্তি লাভ কৰিলে ‘দ্য আৰ্চিছৰ প্ৰথমখন পোষ্টাৰে। আগাষ্টিয়া নন্দাই আৰ্চি, সুহানা খানে ভেৰোনিকা আৰু বেটিৰ চৰিত্ৰত সুখী কাপুৰৰ সৈতে পোষ্টাৰখনে আকৰ্ষণ কৰিলে চলচিত্ৰ প্ৰেমীসকলক। দ্য আৰ্চিছ কমিক্সৰ বলীউড অভিযোজন ‘দ্য আৰ্চি’ছ পৰিচালনা কৰিছে জয়া আখটাৰে।
আৰ্চিছৰ প্ৰথম পোষ্টাৰখনেই যথেষ্ট খলকনি তুলিছে সামাজিক মাধ্যমত। অগষ্ট্য নন্দাৰ ককাদেউতাক, শক্তিশালী অভিনেতা অমিতাভ বচ্চনেও অৱশেষত তেওঁৰ উত্তেজনা ধৰি ৰাখিব নোৱাৰিলে।সামাজিক মাধ্যমত তেওঁ লিখিলে, “আন এটি সন্তানৰ অভ্যোদয় … মোৰ নাতি। অগাষ্টিয়া,তোমালৈ মোৰ বহুত বহুত আশীৰ্বাদ । ভাল পাওঁ তোমাক।” (Another SONrise… my grandson. All the blessings, Agastya. Love you.”)
আনহাতে অগস্ত্য নন্দাৰ মাতৃ শ্বেতা বচ্চন নন্দাই ইনষ্টাগ্ৰামত মজাৰ টিজাৰ টো শ্বেয়াৰ কৰি লিখিছে, “এইটো তেওঁলোকৰ কাহিনী।”
তেওঁ পোষ্টাৰখন শ্বেয়াৰ কৰি লিখিছিল, “মেমৰি লেনত ভ্ৰমণ কৰিবলৈ সাজু হওক কিয়নো জয়া আখটাৰৰ আৰ্চিছ সোনকালেই কেৱল নেটফ্লিক্সত আহি আছে।”
২০২৩ চনত মুক্তি লাভ কৰিব ‘দ্য আৰ্চিছে’ । এইটো প্ৰথম বাৰৰ বাবে নহয় যে ভেৰোনিকা, বেটি, ৰেগি আৰু জুগহেডকে ধৰি আৰ্চি এণ্ড্ৰ’জ আৰু তেওঁৰ দলটোৰ দুঃসাহসিক অভিযানক এখন চলচ্চিত্ৰ বা শৃংখলাত গ্ৰহণ কৰা হৈছে। সমগ্ৰ পৃথিৱীয়ে আৰ্চি এণ্ড্ৰ’জক আদৰণি জনাইছিল যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে পেপ কমিক্সত উপস্থিত হৈছিল।
জয়া আখটাৰে এপ্ৰিলত আৰ্চিছৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছিল। তেওঁ ক্লেপবোৰ্ডৰ এখন ছবিৰে ঘোষণা কৰিছিল আৰু লিখিছিল, “বেক টু দ্য ফিউচাৰ” ৷