দেওবাৰে তেল কোম্পানীসমূহে চিএনজিৰ দাম বৃদ্ধি কৰিছিল যদিও পেট্ৰ’ল–ডিজেলৰ দাম প্ৰায় ৪১ দিন ধৰি স্থিৰ হৈ থকা দেখিবলৈ পোৱা গৈছে । গ্ল’বেল মাৰ্কেটত কেঁচা তেলৰ দাম প্ৰতি বেৰেলত ১১৪ ডলাৰ হৈছেগৈ। ইয়াৰ মাজতে চৰকাৰী তেল কোম্পানীসমূহে মঙলবাৰে পেট্ৰ’ল–ডিজেলৰ দৰ জাৰি কৰিছে। বজাৰ বিশ্লেষকৰ মতে, অপৰিশোধিত তেলৰ দাম বাঢ়ি থাকিলে পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনাই অধিক।
ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ মাৰ্চ–এপ্ৰিলত পেট্ৰ’ল–ডিজেলৰ দাম প্ৰতিলিটাৰত ১০.২০ টকা বৃদ্ধি পাইছিল। ৬ এপ্ৰিলত অন্তিমবাৰৰ বাবে পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি কৰা হৈছিল।অৱশ্যে বৰ্তমান সময়লৈকে দেশখনত অপৰিৱৰ্তিত হৈ আছে এই মূল্য ৷
আহকচোন জানো দেশৰ গুৰুত্বপূৰ্ণ মহানগৰ কেইখনত পেট্ৰ’ল–ডিজেলৰ মূল্য ৷
ৰাজধানী চহৰ দিল্লীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০৫.৪১ টকা আৰু ডিজেলৰ ৯৬.৬৭ টকা প্ৰতিলিটাৰত।
কলকাতাত পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ১১৫.১২ টকা আৰু ডিজেলৰ ৯৯.৮৩ টকা প্ৰতিলিটাৰত।
চলচিত্ৰ নগৰী মুম্বাইত পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ১২০.৫১ টকা আৰু ডিজেলৰ মূল্য ১০৪.৭৭ টকা প্ৰতিলিটাৰত। আনহাতে চেন্নাইত পেট্ৰ’লৰ প্ৰতিলিটাৰত মূল্য ১১০.৮৫ টকা আৰু ডিজেলৰ ১০০.৯৪ টকা প্ৰতিলিটাৰত।