প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে মুম্বাইৰ মাজাগাঁও সমুদ্ৰতীৰত দুখন মেড-ইন-ইণ্ডিয়া যুদ্ধ জাহাজ ‘চুৰাট’ আৰু ‘উদয়গিৰি’ মুকলি কৰে। মাজগাঁও ডক শ্বিপবিল্ডাৰ্ছ লিমিটেড চমুকৈ এম ডি এলে প্ৰকাশ কৰা অনুসৰি এই দুখন থলুৱাভাৱে নিৰ্মিত যুদ্ধ জাহাজ একেলগে মুকলি কৰা হৈছে।
চুৰাট হৈছে পি ১৫বি শ্ৰেণীৰ চতুৰ্থখন মিছাইল ধ্বংস কৰিব পৰা ক্ষমতা থকা জাহাজ ৷ আনহাতে উদয়গিৰি হৈছে পি ১৭এ শ্ৰেণীৰ দ্বিতীয়খন যুদ্ধজাহাজ । দুয়োখন যুদ্ধজাহাজৰ ডিজাইন নৌ ডিজাইন সঞ্চালকালয়ৰ (ডি এন ডি)ৰ দ্বাৰা ইন-হাউছ কৰি মুম্বাইৰ এম ডি এলত নিৰ্মাণ কৰা হৈছে।ৰাজনাথ সিঙে নিজৰ ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত” অভিযানৰ অধীনত সামৰিক সামৰ্থ্য বৃদ্ধিৰ বাবে চৰকাৰৰ অটল দায়বদ্ধতাৰ এয়া এক নিদর্শন বুলি উল্লেখ কৰে ৷
তেওঁ লগতে মহামাৰীৰ মাজতো জাহাজ উৎপাদন কাৰ্যকলাপ অব্যাহত ৰখাৰ বাবে আৰু বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিত ভাৰতীয় নৌসেনাৰ কৌশলগত প্ৰয়োজনীয়তা পূৰণৰ বাবে এম ডি এলক অভিনন্দন জনায়।অন্ধ্ৰ প্ৰদেশৰ এক পৰ্বতমালাৰ নামেৰে নামাকৰণ কৰা উদয়গিৰি হৈছে প্ৰজেক্ট ১৭এ ফ্ৰিগেটছৰ তৃতীয়খন জাহাজ।